Local, Vocal, Global

WATCH|North Guwahati: ন ৰূপত উজলি উঠিব উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰূদ্ৰেশ্বৰ দেৱালয়

উত্তৰ গুৱাহাটী,১৯ফেব্ৰুৱাৰী : পুনৰুদ্ধাৰ চলিছে ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ অন্যতম কীৰ্তিস্তম্ভ উত্তৰ গুৱাহাটীৰ”ৰুদ্ৰেশ্বৰ দেৱালয়”

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক প্ৰত্নতত্ব বিভাগে আৰম্ভ কৰিছে পুনৰুদ্ধাৰৰ কাম ।

নিৰ্মাণ কাৰ্যৰ বাবে ধাৰ্য কৰা হৈছে ২ কোটি ৩০ লাখ টকা(North Guwahati)।

আগন্তুক ৬ মাহত সম্পূৰ্ণ হৈ উঠিব দেৱালয় খন ।

দেৱালয় খনৰ বাবে বিশেষ ভাৱে তৈয়াৰ কৰা ইটা অনা হৈছে শিৱসাগৰ, ডিব্ৰুগড় আৰু গোৱালপাৰাৰ পৰা ।

চিমেণ্টৰ বিপৰীতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হৈছে চূণ,ইটাৰ গুৰি,বালি,গুৰ,বেল,খিলিশা,মাটিমাহ , আঠা জাতীয় পদাৰ্থ আৰু মিথি গুটি ।

১০ জন অভিজ্ঞ শ্ৰমিকে চলাই গৈছে নিৰ্মাণ কাৰ্য ।

ৰুদ্ৰেশ্বৰ দেৱালয়ৰ নিৰ্মাণ শৈলী অনন্য আৰু অপূৰ্ব হিচাপে বিবেচিত হৈছে ।

দেৱালয় খনত আছে এটা দীঘল সুৰংগ ।

তলাতল ঘৰ আৰু ৰংঘৰৰ পিছত উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰুদ্ৰেশ্বৰ দেৱালয়ত আছে আহোম ৰাজত্ব কালৰ দীঘল সুৰংগটো ।

জহি খহি যোৱা সুৰংগটোৰো নিৰ্মাণ আৰম্ভ কৰিছে প্ৰত্নতত্ব বিভাগে।

উল্লেখ্য,স্বৰ্গদেউ প্ৰমত্ত সিংহই পিতৃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত ১৭৪৯ চনত নিৰ্মাণ কৰিছিল এই দেৱালয় খন।

দেৱালয় খনৰ পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ হ’লে ই পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিব।

লগতে পঢ়ক:WATCH|Gelakey News: নাজিৰা সমজিলাৰ অন্তৰ্গত দোলাকাষৰীয়া গাওঁ পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ এজন দৃষ্টিহীন লোক