Local, Vocal, Global

WATCH|Gelakey News: নাজিৰা সমজিলাৰ অন্তৰ্গত দোলাকাষৰীয়া গাওঁ পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ এজন দৃষ্টিহীন লোক

গেলেকী,১৯ফেব্ৰুৱাৰী : নাজিৰা সমজিলাৰ অন্তৰ্গত দোলাকাষৰীয়া গাওঁ পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ এজন দৃষ্টিহীন লোক ।

নাম অজিত কোঁৱৰ । বয়স প্ৰায় ৫৫ বছৰ । এবছৰতকৈও অধিক সময় ব্যক্তিজনে কটাইছে মাটিতে শুই ।

সমাজত খুজি মাগি খাই কথমপি জীয়াই আছে দৃষ্টিহীন লোকজন ।

এই লোকজনৰ কাষত থিয় দিছে গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু মৰাণবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক(Gelakey News)।

গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হেমন্ত গগৈ আৰু শিক্ষক নয়নজ্যোতি বৰঠাকুৰ তথা নামদাং সমল কেন্দ্ৰৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত লোকজনক শোৱাৰ বাবে এখন বিছনা , গৰম বস্ত্ৰ আৰু এখন চকী প্ৰদান কৰে । সামগ্ৰী কেইপদ লাভ কৰি যথেষ্ট উৎসাহিত হৈছে ৫৫ বছৰীয়া দৃষ্টিহীন লোকজন।

লগতে পঢ়ক:WATCH|Dhemaji news: APSC কেলেংকাৰী CBI তদন্ত দাবী