Local, Vocal, Global

নোৰা ফাতেহীৰ নতুন ফটো শ্বুটক লৈ সামাজিক মাধ্যমত আলোড়ন

নিউজ ডেস্ক: বলিউদৰ সুন্দৰী অভিনেত্ৰী নোৰা ফাতেহীয়ে ফটো শ্বুটৰ বাবে প্ৰায়ে চৰ্চালৈ আহে৷ চলচ্চিত্ৰৰ অভিনয়ৰ লগতে সুন্দৰ নৃত্য, ফটোৰ বাবে জনাজাত। নৃত্যৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ নোৰা ফাতেহীৰ নৃত্যৰ ভিডিঅ’ প্ৰায়ে সামাজিক মাধ্যমত ভয়ংকৰভাৱে ভাইৰেল হয়। পুনৰ অভিনেত্ৰীগৰাকীৰ নৃত্য ভিডিঅ’ আৰু ফটো পুনৰ সামাজিক মাধ্যমত ভাইৰেল হৈছে। নোৰা ফাতেহীৰ শেহতীয়া নৃত্যৰ ভিডিঅ’ সামাজিক মাধ্যম নিজেই শ্বেয়াৰ কৰিছে।

নোৰা ফাতেহী সামাজিক মাধ্যমত অতি সক্ৰিয়। প্ৰায়ে অনুৰাগীসকলৰ সৈতে সংযুক্ত থাকিবলৈ বিশেষ ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰে। নোৰা ফাতেহীয়ে শেহতীয়া নৃত্য ভিডিঅ’ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে। য’ত নোৰা ফাতেহীক সাগৰৰ পাৰত তীব্ৰ নৃত্য কৰা দেখা গৈছে। ভিডিঅ’টোত নোৰা ফাতেহীৰ দুজন বন্ধুৱেও তাইক নৃত্যত সহযোগ কৰিছে। ভিডিঅ’টোত, অভিনেত্ৰীগৰাকীক ৰঙা ক্ৰপ বিকিনি টপ আৰু শ্বৰ্টছত দেখা গৈছে।