Local, Vocal, Global

টাৱাৰৰ পৰি প্ৰাণ হেৰুৱালে সৰভোগৰ সাহাপুৰ গাঁৱৰ নুৰ ইছলাম তালুকদাৰে

টাৱাৰৰ পৰি প্ৰাণ হেৰুৱালে সৰভোগৰ সাহাপুৰ গাঁৱৰ নুৰ ইছলাম তালুকদাৰে৷ নুৰ ইছলাম তালুকদাৰে কামৰূপ জিলাৰ গৌৰিপুৰত কাম কৰি থকা অৱস্থাতে টাৱাৰৰ পৰি মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, সৰভোগৰ সাহাপুৰ গাঁৱৰ খবিৰুদ্দিন তালুকদাৰৰ পুত্ৰ নুৰ ইছলাম তালুকদাৰে ATC Companyৰ টাৱাৰৰ মেৰামতিৰ কাম কৰি আছিল৷ কাম কৰি থকাৰ সময়তে ওপৰৰ পৰা তলত সৰি পৰে৷ ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ ঘটনাস্থলীত গৌৰিপুৰ আৰোক্ষীয়ে উপস্থিত হৈ ঘটনাৰ বুজ লৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি মৃতদেহ পৰিয়ালক চমজাই দিয়ে৷ ঘৰৰ উপাৰ্জনকাৰী নুৰ ইছলাম তালুকদাৰৰ অকাল বিয়োগত দৰিদ্ৰ পৰিয়ালটোৱে কান্দোনত ভাগি পৰে। নুৰ ইছলাম তালুকদাৰে টাৱাৰৰ কাম কৰি পৰিয়ালটোক পোহপাল দি আছিল৷ অসহায় পৰিয়ালটোক কমেও ৫ লক্ষ টকাৰ সাহায্য প্ৰদান কৰিবলৈ ATC Companyক দাবী জনাইছে ৰাইজে৷