Local, Vocal, Global

চিকিৎসালয়ত চিকিৎসক নথকাক কেন্দ্ৰ কৰি নগাঁও জিলাৰ কঁচুৱাত হাহাকাৰ

85

নগাঁও জিলাৰ কঁচুৱা আদৰ্শ চিকিৎসালয়ত দেওবাৰে চিকিৎসক নথকাক কেন্দ্ৰ কৰি ৰোগীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ । উল্লেখযোগ্য যে উক্ত চিকিৎসালয়ত এজনো চিকিৎসক নথকাত ৰোগীসকলে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈছে। যাৰ ফলত এতিয়া উপায়হীন হৈ বহু ৰোগীক সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয় আৰু কামপুৰ FRU লৈ প্ৰেৰণ কৰিব লগা হৈছে। ইফালে বহুদিনৰ পৰা উক্ত চিকিৎসালয়ত চিকিৎসক নথকাত সমস্যাত ভুগি আহিছে সাধাৰণ জনতা। যাৰ ফলত উপায়হীন হৈ এতিয়া কঁচুৱা চিকিৎসালয়ত অতি সোনকালে চিকিৎসক নিযুক্তি দিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনাইছে। আনহাতে উক্ত চিকিৎসালয়ত আজি এগৰাকী নাৰ্ছৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত নাৰ্ছগৰাকীয়ে জানিবলৈ দিয়ে। উক্ত চিকিৎসালয়ত এগৰাকী নাৰ্ছৰ বাহিৰে অন্য কোনো চিকিৎসক নাই কাৰণে চিকিৎসালয়ত ৰোগীক উপযুক্ত চিকিৎসা প্ৰদানৰ পৰা বঞ্চিত হৈ আহিছে।