Delhi Schools Closed: বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু;ব্যাপক প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধৰ নিৰ্দেশ
নেশ্যনেল ডেস্ক,১৮নৱেম্বৰ: বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু। ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৰাজধানী দিল্লীৰ প্ৰদূষণৰ মাত্ৰা(Delhi Schools Closed)৷
দেওবাৰে বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৪৫৭ৰ স্তৰত উপনীত হৈছে । ইয়াৰ বাবেই বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে সোমবাৰে পুৱা ৮ বজাৰ পৰা গ্ৰেডেড ৰেচপন্স একচন প্লেন (GRAP)ৰ চতুৰ্থ পৰ্যায় কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সময়ত প্ৰথমবাৰৰ বাবে AQI ‘চিভিয়াৰ প্লাছ’ (severe-plus) স্তৰলৈ নিম্নগামী হৈছে ।
ব্যাপক প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধৰ নিৰ্দেশ। দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাহিৰে সকলোৰে স্কুলৰ পাঠদানৰ কাৰ্যসূচী বন্ধ ঘোষণা কৰে।
বিদ্যালয়সমূহত হ’ব অনলাইন ক্লাছ। চৰকাৰী কাৰ্যালয়তো ৫০ শতাংশ কৰ্মচাৰীৰে চলিব কাম-কাজ(No physical classes for students, barring class 10 and 12)।
দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে X ৰ এটা পোষ্টত লিখে – Grap-4 ৰূপায়ণৰ লগে লগে দশম আৰু দ্বাদশ শ্ৰেণীৰ বাহিৰে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে শ্ৰেণী বন্ধ থাকিব । পৰৱৰ্তী নিৰ্দেশনা নহালৈকে সকলো বিদ্যালয়ে অনলাইন ক্লাছ অনুষ্ঠিত কৰিব।
লগতে পঢ়ক :One more tiger dies in Kaziranga’s haranbali chapri: পুনৰ কাজিৰঙাত ৰহস্যজনকভাৱে মৃত্যু বাঘৰ