Teenager punched in face: গুৱাহাটী মহানগৰীত মৰেল পুলিচৰ ঘটনা;সামান্য অপৰাধতেই খুঁটাত বান্ধি গাড়ীৰ চাবিৰে প্ৰহাৰ কিশোৰক
নিউজ ডেস্ক,১৮নৱেম্বৰ : গুৱাহাটী মহানগৰীত মৰেল পুলিচৰ ঘটনা। সামান্য অপৰাধতেই গাড়ীৰ চাবিৰে প্ৰহাৰ কিশোৰক।চাবিৰ প্ৰহাৰত চকু মুখত আঘাট পাই কিশোৰটিয়ে।ফলত তেজে ৰাঙলী হৈ পৰিল কিশোৰটিৰ মুখমণ্ডল( Teenager punched in face)।
ঘটনা বিৱৰণী অনুসৰি,সোমবাৰে পুৱা গুৱাহাটীৰ কাহিলীপাৰাৰ জটিয়াৰ ৰাজপথত এখন দোকানৰ সন্মুখত খুঁটাত এজন কিশোৰক বান্ধি বেয়াকৈ প্ৰহাৰ কৰে। দুই এজনে একো নজনাকৈয়ে খুঁটাত বান্ধি থোৱা কিশোৰটিক দুই এটা চৰ সোধায়।
জানিব পৰা মতে,জটিয়াৰ ৰাজপথৰ এখন দোকানখনৰ পৰা এটা গাখীৰৰ পৰা পেকেট চুৰ কৰিছিল কিশোৰটিয়ে। দোকানখনৰ গৰাকীয়ে হাতে-লোটে কৰায়ত্ত কৰি বান্ধি পেলালে কিশোৰটিক। তাৰ পিছতে আৰম্ভ হ’ল একাংশৰ মৰেল পুলিচিং।নিৰ্মমভাৱে প্ৰহাৰ কৰি লঠিয়াই অত্যাচাৰ চলালে কিশোৰটিৰ ওপৰত। শেষত দোকানখনৰ গৰাকীয়ে বাইকৰ চাবিৰে চকু ফুটাই দিলে কিশোৰটিৰ। তেজে ৰাঙলী হৈ পৰিল কিশোৰটিৰ মুখমণ্ডল( Teenager punched in face, kicked brutally by mob for allegedly stealing milk)।
অৱশেষত একাংশ লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় কিশোৰটিক। ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় স্থানীয় ভগদত্তপুৰ আৰক্ষীক। ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত উদ্ধাৰ কৰে কিশোৰটিক। তেজেৰে লুটুৰি-পুটুৰি কিশোৰটিক ভৰ্তি কৰোৱা হয় হাস্পতালত।