Local, Vocal, Global

নুনমাটিত জালত পৰিল NLFBৰ সদস্য,ৰেপিড’ চালকৰ ৰূপত গুৱাহাটী মহানগৰীত আশ্ৰয়

ধৃত উগ্ৰপন্থী সদস্যজনক নুনমাটি আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ নুনমাটিৰ ২নং শালবাৰীৰ পৰা গ্ৰেপ্তাৰ এজন  ৰেপিড’ চালকৰ ৰূপত NLFBৰ কেডাৰ।বাক্সা জিলাৰ গোৰেশ্বৰৰ দীপক চৌধুৰী ওৰফে ‘ডেলং’ ধৃত উগ্ৰপন্থী সদস্যজন।মহানগৰ আৰক্ষীৰ অপৰাধ শাখা আৰু নুনমাটি আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।দীপক চৌধুৰীয়ে প্ৰায় তিনিমাহ পূৰ্বে গুৱাহাটীলৈ আহি নুনমাটিৰ ২নং শালবাৰীৰ বাসিন্দা বিশ্বজিত ৰয় নামৰ ভিনিহিয়েকৰ ঘৰত আশ্ৰয় লৈ আছিল।  ৰেপিড’ চালকৰ বেশত থাকি NLFBৰ সাংগঠনিক কাম–কাজ চলাই আছিল দীপক চৌধুৰীয়ে।ধৃত কেডাৰজনৰ পৰা অভিযান কাৰী দলটোৱে কেইবাজাই 9MM পিষ্টলৰ সক্ৰিয়  গুলি।AS 01 EK 1531 নম্বৰৰ ক’লা ৰঙৰ এখন পালছাৰ বাইক আৰু অপত্তিজনক নথি–পত্ৰ জব্দ কৰে। যুৱকজন NLFBৰ যুটীয়া সম্পাদক বুলি আৰক্ষীয়ে জানিবলৈ দিছে।