Nitish Kumar says nothing happening in INDIA block : ”কংগ্ৰেছৰ এই মুহূৰ্তত মিত্ৰতাৰ প্ৰতি কোনো আগ্ৰহ নাই” – নীতিশ কুমাৰ
নেশ্যনেল ডেস্ক ,২নৱেম্বৰ : কংগ্ৰেছৰ এই মুহূৰ্তত মিত্ৰতাৰ প্ৰতি কোনো আগ্ৰহ নাই । কংগ্ৰেছে সম্প্ৰতি গুৰুত্ব আৰোপ কৰিছে ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ওপৰত । বৰ্তমানলৈ ‘INDIA’ মিত্ৰতাত একো আগবঢ়া নাই ।’INDIA’ মিত্ৰজোঁট গঠনৰ পূৰ্বে যিধৰণে কামবোৰ হৈছিল এতিয়া সেই গতি লেহেমীয়া হৈছে । এই মন্তব্য বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ । বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(Nitish Kumar says nothing happening in INDIA block) ।
উল্লেখ্য যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচন । লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত নীতিশ কুমাৰে সকলো বিৰোধী দলক একত্ৰিত কৰাত আগভাগ লৈছিল । যাৰ ফলস্বৰূপে ইতিমধ্যে বিৰোধী মিত্ৰজোঁট ‘INDIA’ গঠন হৈছে । কিন্তু ‘INDIA’ মিত্ৰজোঁট গঠনৰ পূৰ্বে যিধৰণে কামবোৰ হৈছিল এতিয়া সেই কাম লেহেমীয়া হৈছে(Not much work being done for INDIA alliance, Congress more interested in 5-state election) ।
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বৃহস্পতিবাৰে কয় যেএই মুহূৰ্তত ‘INDIA’ মিত্ৰতাত একো আগবঢ়া নাই । কংগ্ৰেছে সম্প্ৰতি ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ওপৰত হে গুৰুত্ব আৰোপ কৰিছে । কংগ্ৰেছে এই মুহূৰ্তত মিত্ৰতাৰ প্ৰতি কোনো আগ্ৰহ নাই । দলটোৱে কেৱল মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ নিৰ্বাচনৰ ওপৰত গুৰুত্ব দিছে । যাৰ বাবে মিত্ৰতাত কোনো কাম কৰা হোৱা নাই ।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ‘আমি সকলোৱে মিলি কংগ্ৰেছ দলক আগুৱাই নিবলৈ কাম কৰি আছিলো কিন্তু এই সকলোবোৰৰ বাবে তেওঁলোক বৰ্তমান চিন্তিত নহয়। এই মুহূৰ্তত পাঁচ ৰাজ্যৰ নিৰ্বাচনত ব্যস্ত। গতিকে, পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ পিছত তেওঁলোকে নিজেই সকলোকে মাতিব(‘Congress busy with 5-state elections’)।’
লগতে বিহাৰৰ মুখ্যমন্ত্রীয়েও বিজেপিক তীব্র প্রতিক্রিয়া কৰে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিক লক্ষ্য কৰি লয় । তেওঁ কয় যে বিহাৰত বিজেপিয়ে হিন্দু আৰু মুছলমানসকলৰ মাজত বিভেদ সৃষ্টি কৰাত নিয়োজিত হৈ আছে । তেওঁ দাবী কৰে যে তেওঁ বিহাৰৰ ৯৫ শতাংশ লোকক একত্ৰিত কৰিবলৈ সক্ষম হৈছে । চিপিআই(এম)ৰ এক সভাত উপস্থিত থাকি বিজেপিক তীব্ৰ আক্ৰমণ কৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । সভাখনত জেডি(ইউ)ৰ ৰাজ্যিক সভাপতি উমেশ কুশৱাহা আৰু চিপিআই(এম)ৰ মুৰব্বী বিজয় চৌধুৰীও উপস্থিত থাকে ।
লগতে পঢ়ক : Arvind Kejriwal will not appear before ED today : ED ৰ কাৰ্যালয়ত হাজিৰ নহয় অৰবিন্দ কেজৰিৱাল