তেলীৰ মূৰত তেল, কেন্দ্ৰীয় কর্মচাৰীলৈ উৎসৱৰ উপহাৰ
উৎসৱৰ বতৰত, লকডাউনৰ খুন্দাত সেমেকা বজাৰত ক্ৰয়-বিক্ৰয় বঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক ১০ হাজাৰ টকা অগ্ৰিম ধন প্ৰদানৰ সিদ্ধান্ত ঘোষণা কৰিলে মোদী চৰকাৰে৷ তলৰ পৰা ওপৰলৈ কেন্দ্ৰৰ ৪৮.৩৪ লাখ চৰকাৰী কৰ্মচাৰীয়ে এই ধন পাব৷ অৱশ্যে নগদ এই ধন কোনেও নাপায়৷ কেৱল ষ্টেট বেংকৰ ৰূপে কাৰ্ডৰ জৰিয়তে ১০ হাজাৰ টকা মূল্যৰ সামগ্ৰীহে কিনিব পাৰিব৷ এই ধন ওভতাই দিব লাগিব ১০টা কিস্তিত৷ আনফালে পূজা বা শীতৰ বন্ধত ফুৰিবলৈ যাব খোজা কৰ্মচাৰীৰ বাবে এল টি চিৰ ধন নগদ দিয়াৰ আঁচনিও লৈছে কেন্দ্ৰই৷ কিন্তু তাতো আছে বিশেষ চৰ্ত৷ ৰে’ল বা বিমান ভাড়াৰ বাবদ প্ৰাপ্যৰ তিনিগুণ আৰু লিভ এনকেছমেণ্টৰ বাবদ প্ৰাপ্য নগদ টকা খৰচ কৰিব লাগিব টিভি-ফ্ৰীজৰ দৰে বৈদ্যুতিক সৰঞ্জাম ক্ৰয়ত৷ কেন্দ্ৰীয় চৰকাৰে অৰ্থনীতিৰ মন্দাৱস্থা দূৰ কৰিবৰ বাবে ঘোষণা কৰা এই আঁচনিয়ে কিমান সুফল দিব তাক লৈ বহুতেই প্ৰশ্ন তুলিছে৷ একাংশ অৰ্থনীতিবিদৰ মতে তেলীৰ মূৰত তেল বা মাছৰ তেলেৰে মাছ ভাজিবলৈ লৈছে কেন্দ্ৰই৷ অগ্ৰিম ১০ হাজাৰ টকা ঘূৰাই দিব লাগিব চৰকাৰক আনহাতে এল টি চিৰ টকা যিকোনো পৰিস্থিতিতে দিবলৈ বাধ্য চৰকাৰ৷ অৰ্থাৎ এই দুই শিতানত কেন্দ্ৰৰ এটকাও অতিৰিক্ত ব্যয় নহয়৷ আনহাতে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে নিজেই ঘোষণা কৰা মতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লকডাউনৰ সময়ত কোনো অসুবিধা পোৱা নাছিল৷ যাৰ কোনো অসুবিধা হোৱাই নাছিল তেওঁলোকৰ হাততেই আকৌ টকা তুলি দিবলৈ ওলাইছে চৰকাৰে৷ লকডাউন সৃষ্ট পৰিস্থিতিয়ে যিসকলৰ সংস্থাপন নোহোৱা কৰিলে, যাৰ বাবে দুবেলা দুসাঁজ যোগাৰ কৰাটোৱেই জটিল হৈ পৰিল, তেওঁলোকক এতিয়াও ঢুকি পোৱা নাই মোদী চৰকাৰৰ অৰ্থনীতিয়ে৷