NIRFৰ তালিকাত উজলিল অসমৰ ১১ শৈক্ষিক প্ৰতিষ্ঠান

- কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিলে দেশৰ শৈক্ষিক প্ৰতিষ্ঠানৰ ৰেংকিং।
- NIRFৰ তালিকাত দেশৰ ১০০ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ মাজত উজলিল অসমৰ ১১ শৈক্ষিক প্ৰতিষ্ঠান।
- শীৰ্ষ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শীৰ্ষ এশৰ তালিকাত IIT গুৱাহাটী,তেজপুৰ বিশ্ববিদ্যালয়,গুৱাহাটী বিশ্ববিদ্যালয় আৰু NIT শিলচৰে স্থান লাভ ।
- দেশৰ প্ৰথম ১০০ শ্ৰেষ্ঠ শিক্ষানুষ্ঠান আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান দুয়োটা শাখাত শীৰ্ষ স্থান লাভ কৰিছে IIT মাদ্ৰাজে।
- শ্ৰেষ্ঠ ১০০ বিশ্ববিদ্যালয়ৰ তালিকাত বেংগালুৰুৰ IIS প্ৰথম স্থানত থকাৰ বিপৰীতে দিল্লীৰ JNU আছে দ্বিতীয় স্থানত।
- তালিকাত একাদশ স্থান পাইছে দিল্লী বিশ্ববিদ্যালয়ে ।
- দেশৰ ৩,৮০০ খন উচ্চ শিক্ষা প্ৰতিষ্ঠানে অংশ লৈছিল এই ৰেংকিং প্ৰতিযোগীতাত ।
- IIT গুৱাহাটীয়ে সপ্তম স্থান আৰু তেজপুৰ বিশ্ববিদ্যালয়ে ৬৫ নং স্থান লাভ কৰিছে।
- তালিকাত ৭২ নং স্থানত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৯৪ নং স্থানত আছে NIT শিলচৰ।
- কটন আৰু ডনবস্ক’ বিশ্ববিদ্যালয় তালিকাৰ প্ৰথম ২০০ স্থানৰ ভিতৰত অন্তৰ্ভূক্ত হৈছে।
- আইন শিতানত দেশৰ ২০ শীৰ্ষ প্ৰতিষ্ঠানৰ তালিকাত অসমৰ নেচনেল ল ইউনিভাৰ্ছিটি এণ্ড জুডিচিয়েল একাডেমীয়ে ১৬ নং স্থান লাভ কৰিছে।।
- দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে দিল্লী বিশ্ববিদ্যালয়ৰে অধীনস্থ শ্ৰীৰাম কলেজ আৰু হিন্দু কলেজ