Local, Vocal, Global

Nipah Virus Outbreak in Kerala: নিপা ভাইৰাছৰ সংক্ৰমণ;কেৰালাত এগৰাকী কিশোৰৰ দেহত নিপা ভাইৰাছৰ উপস্থিতি

নিউজ ডেস্ক,২১জুলাই : সাৱধান ! ভয়াৱহ ৰূপত আহিছে নিপা ভাইৰাছ । এইবাৰ নিপা ভাইৰাছৰ সংক্ৰমণ । কেৰালাত নিপা ভাইৰাছৰ সন্ত্ৰাস ।

কেৰেলা স্বাস্থ্য মন্ত্ৰণালয়ে চিনাক্ত কৰিছে এগৰাকী কিশোৰৰ দেহত নিপা ভাইৰাছৰ উপস্থিতি ৷

জানিব পৰা মতে, ১৪ বছৰীয়া কিশোৰজন নিপা ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে । চিকিৎসাধীন কিশোৰজন মল্লপপুৰমৰ বুলি জনায় ৰাজ্যখনৰ স্বাস্থ্য বিভাগে(Nipah Virus Outbreak in Kerala) ।

উল্লেখ্য যে, এই ভাইৰাছৰ উপস্থিতি লাভ কৰাৰ পিছতে স্বাস্থ্যমন্ত্ৰীয়ে কিশোৰজনে ১১ জুলাইৰ পৰা ১৫ জুলাইলৈকে ব্রাইট টিউচন চেণ্টাৰ পাণ্ডিকাড, ডাঃ বিজয়নৰ ক্লিনিক, পি কে এম হাস্পতাল পেডিয়াট্ৰিক অ’ পি, মৌলানা হাস্পতালৰ জৰুৰীকালীন আই চি ইউকে ধৰি একাধিক স্থানলৈ যোৱা স্থানসমূহত উপস্থিত থকা ব্যক্তিসকলক তৎকালীনভাৱে নিয়ন্ত্ৰণ কক্ষৰ সৈতে 0483-2732010, 0482-2732050 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই ।

ইফালে, আক্ৰান্ত কিশোৰটিৰ চিকিৎসাৰ বাবে আজি অষ্ট্ৰেলিয়াৰ পৰা ম’ন’ক্ল’নেল এণ্টিব’ডি নামৰ এক গুৰুত্বপূৰ্ণ ঔষধৰ চালান আহি পোৱাৰ সম্ভাৱনা আছে । ৰোগ নিৰ্ণয়ৰ ২৪ ঘণ্টাৰ ভিতৰত এই ঔষধটো প্ৰয়োগ কৰিব লাগিব । কোজিকোড মেডিকেল কলেজেও এই ৰোগত অধিক লোক আক্ৰান্ত হ’ব বুলি আশংকা প্ৰকাশ কৰি ৬০ টা আইছ’লেশ্যন ৱাৰ্ড প্ৰস্তুত কৰিছে ।

বৰ্তমান কিশোৰটিক কোজিকোড মেডিকেল কলেজত ভেণ্টিলেটৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে(Nipah Virus Outbreak in Kerala) ।

লগতে পঢ়ক : Around 150 students return to Tripura from Bangladesh amid protests : বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ; ত্ৰিপুৰাত উপস্থিত ১৫০ গৰাকী ভাৰতীয় শিক্ষাৰ্থী