বিজেপি শাসিত মহাৰাষ্ট্ৰত ৯ কৃষকৰ আত্মহত্যা
নিউজ ডেস্ক,১৩ অক্টোবৰ : বিজেপি শাসিত মহাৰাষ্ট্ৰত কৃষকৰ বিলাই-বিপত্তি নোহোৱা হৈছে৷ বিজেপিয়ে ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কৃষকৰ ভাল দিন অহাৰ প্ৰতিশ্ৰুতিৰ লগতে কৃষকৰ উপাৰ্জন দুগুণ হ’ব বুলি কৈছিল যদিও আজি বিজেপিৰ দিনত কৃষকে আত্মহত্যা কৰিবলগীয়া হৈছে৷ বিশেষকৈ কৃষি প্ৰদান ৰাজ্যসমূহত কৃষকৰ ভয়াবহ অৱস্থা হৈছে৷ নিতৌ আত্মহত্যা কৰিবলগীয়া হৈছে৷ নিতৌ মহাৰাষ্ট্ৰত কৃষকে আত্মহত্যাৰ ঘটনা সংঘটিত হ’ব ধৰিছে৷ যোৱা ৯০ ঘণ্টাত মহাৰাষ্ট্ৰৰ বিদৰ্ভত ইজনৰ পাছত সিজন কৃষকে আত্মহত্যা কৰিছ৷ বিদৰ্ভ জন আন্দোলন সমিতি নামৰ কৃষিভিত্তিক সংগঠনটোৰ তথ্য মতে, বিগত ৯০ ঘণ্টাত ৯টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। আত্মহত্যাৰ পথ বাছি লোৱা কৃষকৰ পৰিয়ালে শোকত ভাগি পৰিছে৷ প্ৰৱল বৃষ্টিপাতৰ পাছত অহা সংহাৰী বানত নষ্ট হয় সকলো ফচল। পুনৰাই খেতি কৰিবলৈ হাতত ধন নাই কৃষকৰ। পৰিয়ালক পোহ-পাল দিব নোৱাৰা হৈ পৰি আত্মহননৰ পথ বাছি লয়৷ বিদৰ্ভ প্ৰদেশৰ অকোলা, অমৰাৱতী, যাবৌতমাল, বাশ্বিম আৰু বৰ্ধাৰ কৃষক খেতি পথাৰ নষ্ট হোৱাত ভাগি পৰিছে৷ কৃষকে বেংকৰ পৰা লোৱা ঋণ মাফ নোহোৱাৰ চিন্তাও খুলি খুলি খাইছে৷