Local, Vocal, Global

লুণ্ঠনকাৰীৰ দলে চলাইছে গোৱালপাৰা পৌৰসভা, এটা ঠিকাতে কমিচন খালে ২৫ লাখ টকা

নিউজ ডেস্ক,১৩ অক্টোবৰ : গোৱালপাৰা পৌৰসভাৰ নতুন ব’ৰ্ড গঠন হোৱাৰ ছমাহ সম্পূৰ্ণ নৌহওঁতেই সংঘটিত হৈছে কোটি টকীয়া কেলেংকাৰী। কেলেংকাৰীত নাম সাঙোৰ পৌৰপতি মহানন্দ পাঠক, তদানীন্তন কাৰ্যবাহী বিষয়া শান্তা কাৰ্কি চেত্ৰী, মুখ্য সহায়ক ভাস্কৰাদিত্য ৰয়, সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছৰ নাম৷ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১ টাইড ফাণ্ডৰ অধীনত গোৱালপাৰা চহৰৰ হাচিলাবিল বাছ আস্থানত ব্যৱসায় ভিত্তিত এখন বিশুদ্ধ খোৱা পানীৰ আঁচনি ৰূপায়ন কৰাৰ সিদ্ধান্ত লয় গোৱালপাৰা পৌৰ সভাই। প্ৰায় ১ কোটি ১২ লাখ টকাৰ আঁচনিৰ কামৰ ই-টেণ্ডাৰ আহ্বান নকৰি কৌশলেৰে পকেট টেণ্ডাৰৰ জৰিয়তে তিতাবৰৰ ‘ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানী’ক ঠিকা আৱণ্টন৷ কোম্পানীৰ স্বত্বাধিকাৰী পাৰচিয়া চুলতানা ৰহমান৷ আঁচনিখনৰ কাম আৰম্ভ নকৰাকৈয়ে তদানীন্তন কাৰ্যবাহী বিষয়া শান্তা কাৰ্কি চেত্ৰী, মুখ্য সহায়ক ভাস্কৰাদিত্য ৰায় আৰু সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছে পৌৰ আইন আৰু বিত্তীয় লেনদেনৰ সকলো নীতি-নিয়মক উলংঘা কৰি চলিত বৰ্ষৰ ১৪ জুলাইত পৌৰ সভাখনৰ একাউণ্টৰ পৰা ৮,৬৯,৭,০৬৬ টকা কোম্পানীটোক আগতীয়াকৈ মোকলাই দিয়ে৷ বিনিময়ত সংশ্লিষ্ট দুৰ্নীতিগ্ৰস্থসকলে কোম্পানীৰ পৰা ২৫ লাখ টকাৰ কমিছন লাভৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ একাংশ বাতৰি কাকতৰ প্ৰকাশিত বাতৰিত পৌৰপতি মহানন্দ পাঠকে চাফাই দিয়া মতে, বিভাগীয় নিয়ম অনুসৰিয়েই হেনো ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানীক ঠিকা আবণ্টন দিয়া হৈছে আৰু কোম্পানীয়ে আৰ অ’ প্লাণ্টৰ সকলো মেছিনাৰী প্ৰস্তুত কৰাৰ পাছতহে আশী শতাংশ ধন মুকলি কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বে পৌৰসভাৰ অভিযন্তাসকলে কোম্পানীলৈ গৈ সকলো মেছিনাৰী চাই, পৰীক্ষা কৰাৰ ছাছতহে আঁচনিৰ ধন মোকলাই দিয়া হৈছে বুলি কয় পৌৰপতি মহানন্দ পাঠকে৷ মেছিনাৰী সামগ্ৰী ৰখাৰ বাবে ঠাইৰ অভাৱত ৯০ দিনৰ বাবে মেছিনাৰীসমূহ কোম্পানীৰ জিম্মাত ৰাখিবলৈ দিয়া হৈছে বুলি দাবী কৰিছে পৌৰপতিগৰকীয়ে। কিন্তু বিশ্বাসযোগ্য সূত্ৰৰ খবৰ মতে, পৌৰ সভাই বিশুদ্ধ খোৱা পানীৰ আৰ অ’ প্লাণ্টৰ সকলো মেছিনাৰী প্ৰস্তুত কৰাৰ পাছত আঁচনিৰ ধন মোকলাই দিয়া নাই। ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানীৰ চৰ্ত সাপেক্ষেহে ৱৰ্ক অৰ্ডাৰসহ আগতীয়াকৈ আশী শতাংশ ধন মোকলাই দিয়া হৈছে। ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানীৰ সৈতে পৌৰসভাৰ সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছে হেনো স্বাক্ষৰ কৰিছে গোপন চুক্তি। চলিত বৰ্ষৰ ১৩ জুলাইত ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানীয়ে আঁচনিৰ ধন আগতীয়াকৈ মোকলাই বিচাৰি পৌৰসভাক পত্ৰ দিয়ে। একেদিনাই যোৰহাট জিলাৰ তিতাবৰৰ কোম্পানীটোলৈ গৈ সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছে মেছিনাৰীসমূহ চাই পৌৰসভাক সেইদিনাই ৰিপ’ৰ্ট দাখিল কৰে। আৰু পিছদিনা অৰ্থাৎ ১৪ জুলাইত ধন মোকলাই দিয়ে। ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানীয়ে আগতীয়াকৈ ধন বিচাৰি পত্ৰ প্ৰেৰণৰ দিনাই অভিযন্তা ইছফাকুল ৱাৰিছে কিহৰ স্বাৰ্থত আৰু কেনেকৈ ইমান কময় সময়ৰ ভিতৰত ২৪ ঘণ্টা নৌহওঁতেই কোম্পানীটোলৈ গৈ মেছিনাৰীসমূহ চাই ব’ৰ্ডক ৰিপ’ৰ্ট দাখিল কৰিলে তাক লৈ সকলো আচৰিত৷ অভিযোগ মতে সু-সম্পৰ্ক ৰক্ষা কৰি চলা ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানীক ব্যৱহাৰ কৰি সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছে নিজেই গোপনে ঠিকা কৰা বুলিও সচেতন মহলে আৰু একাংশ ৱাৰ্ড কমিছনাৰে সন্দেহ ব্যক্ত কৰিছে। ইছফাকুল ৱাৰিছে বিগত চাৰি বছৰে গোৱালপাৰা পৌৰসভাত অভিযন্তাৰ ৰূপত কাৰ্যনিৰ্বাহ কৰি অগাধ সম্পত্তিৰ গৰাকী হৈ এই সন্দেহক অধিক ঘণীভূত কৰিছে৷ চেণ্ট্ৰেল ভিজিলেন্স কমিছনৰ নিয়ম অনুসৰি ২৫ লাখ টকাৰ ওপৰৰ ঠিকাৰ ক্ষেত্ৰত ই-টেণ্ডাৰ বাধ্যতামূলক। তদুপৰি বহুল প্ৰচাৰিত ৰাষ্ট্ৰীয় বাতৰি কাকত, বিভাগীয় আৰু এন আই চি ৱেবছাইটত নিবিদাৰ জাননী দিয়াটোও সমানে বাধ্যতামূলক। এইক্ষেত্ৰত কিন্তু সকলো নীতি-নিয়ম উলংঘা কৰা হৈছে। ‘দি আসাম ফাষ্ট’ নামৰ এখন স্বল্প প্ৰচলিত ইংৰাজী বাতৰি কাকতৰ জৰিয়তে অফ লাইন নিবিদাৰ জাননী জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে। তদুপৰি কোনো উন্নয়ন মূলক আঁচনি গ্ৰহণ কৰিলে পৌৰসভাৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰিহে সিদ্ধান্ত ল’ব লাগে। কিন্তু ৱাৰ্ড কমিছনাৰসকলোকো অন্ধকাৰত ৰখা হৈছে৷ গোৱালপাৰা পৌৰসভাৰ এই বিত্তীয় কেলেংকাৰী সন্দৰ্ভত ২৯ ছেপ্টেম্বত আঠ নং ৱাৰ্ডৰ বাসিন্দা নিতেশ ৰঞ্জন গোস্বামীয়ে গোৱালপাৰা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এই বিত্তীয় কেলেংকাৰী সন্দৰ্ভত সৰৱ পূব গোৱালপাৰাৰ বিধায়ক এ.কে ৰছিদ আলমো৷ গোৱালপাৰা পৌৰ সভাৰ এই বিত্তীয় অনিয়ম সন্দৰ্ভত উচিত তদন্ত হ’ব নে? জালত পৰিবনে দুৰ্নীতিকাৰীসকল৷ গোৱালাপাৰাবাসীৰ মনত আজি এই প্ৰশ্ন উঠিছে৷