Local, Vocal, Global

NIA raids 30 locations in Tamil Nadu : তামিলনাডু আৰু তেলেংগানাত NIA ৰ অভিযান,৩০টা স্থানত অভিযান NIA ৰ

নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ : তামিলনাডু আৰু তেলেংগানাত NIA ৰ অভিযান । শনিবাৰে তামিলনাডু আৰু তেলেংগানাৰ ৩০টা স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই অভিযান চলায়। আইএছআইএছৰ মৌলবাদ আৰু নিযুক্তি গোচৰৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই অভিযান চলাই(ISIS radicalisation and recruitment case) ।

উল্লেখ্য যে, NIA-ৰ চোৰাংচোৱাই তামিলনাডুৰ কয়েম্বটুৰৰ ২১ টা স্থান, চেন্নাইৰ তিনিটা আৰু টেংকাচীৰ এটা স্থানত এই অভিযান চলায় । ইয়াৰ উপৰি সংস্থাটোৱে তেলেংগানাৰ হায়দৰাবাদৰ ৫ ঠাইত তালাচী চলায় বুলি সংস্থাটোৰ সূত্ৰই জনাই(NIA raids 30 locations in Tamil Nadu and Telangana in ISIS radicalization and recruitment case) ।

খবৰ অনুসৰি, আইএছআইএছৰ এটা মডিউলৰ বিষয়ে নতুন প্ৰমাণ লাভৰ পিছতে এই গোচৰটোৰ সৈতে সম্পৰ্কিত ব্যক্তিসকলৰ চৌহদত তালাচী অভিযান চলোৱা হয় ।

চলিত মাহৰ আৰম্ভণিতে NIA-য়ে কয়েম্বটুৰত আইএছআইএছে সংঘটিত কৰা বোমা বিস্ফোৰণৰ সৈতে জড়িত এজন অভিযুক্তক ২০২২ চনৰ সন্ত্ৰাসবাদী আক্ৰমণত জড়িত থকাৰ বাবে এন আই এয়ে গ্ৰেপ্তাৰ কৰিছিল । তেওঁক মহম্মদ আজাৰুদ্দিন ওৰফে আজাৰ বুলি চিনাক্ত কৰা হৈছিল । তেওঁ এই গোচৰটোত গ্ৰেপ্তাৰ হোৱা ১৩ নম্বৰ ব্যক্তি আছিল(NIA raids 30 locations in Tamil Nadu) ।

NIA-য়ে ২০২২ চনৰ ২৭ অক্টোবৰত গোচৰটোৰ পুনৰ পঞ্জীয়ন কৰে । যোৱা বছৰ ২৩ অক্টোবৰত কয়েম্বটুৰৰ উক্কাদমৰ এশ্বৰণ কোবিল ষ্ট্ৰীটত অৰুলমিগু কোট্টাই সংগমেশ্বৰ থিৰুকোভিল নামৰ এটা প্ৰাচীন মন্দিৰৰ সন্মুখত সংঘটিত হৈছিল বোমা বিস্ফোৰণ । ভেহিকল-বৰ্ণ ইম্প্ৰুভাইজড এক্সপ্লোছিভ ডিভাইচ (ভিবিআইইডি) মৃত অভিযুক্ত জেমছা মুবিনে চলাইছিল ।

মুবিন আৰু তেওঁৰ সহযোগীসকলে স্বঘোষিত খলিফা আবু-আল-হাছান আল-হাছিমি আল-কুৰেচীৰ প্ৰতি ‘বায়াথ’ বা আনুগত্য প্ৰদৰ্শনৰ পিছত ষড়যন্ত্ৰ কৰিবলৈ আৰু সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰিবলৈ কট্টৰ আইএছআইএছ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল । NIA-ৰ তদন্ত অনুসৰি, অভিযুক্তই এই সন্ত্ৰাসবাদী আক্ৰমণৰ জৰিয়তে কাফিৰসকলৰ (ইছলামৰ ওপৰত অবিশ্বাসী) ওপৰত প্ৰতিশোধ ল’ব বিচাৰিছিল ।

NIA-য়ে এতিয়ালৈকে চেন্নাইৰ পুনামালীৰ NIA আদালতত গোচৰটো সন্দৰ্ভত দুখন অভিযোগনামা দাখিল কৰিছে । ছয়জন অভিযুক্তৰ বিৰুদ্ধে এই বছৰৰ ২০ এপ্ৰিলত আৰু পাঁচজনৰ বিৰুদ্ধে ২ জুনত চাৰ্জশ্বীট দাখিল কৰা হৈছিল । দ্বাদশ অভিযুক্ত মহম্মদ ইদ্ৰিছক এই বছৰৰ ২ আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক : Lucknow tragic: এক শোকাৱহ দুৰ্ঘটনা; ছাদ খহি মৃত্যু একেটা পৰিয়ালৰ ৫জনকৈ লোকৰ