চোৰাং সোণ বিচাৰি গুৱাহাটীত NIAৰ অভিযান
গুৱাহাটী ৰে’লৱে ষ্টেচনত চোৰাং সোণ জব্দ হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই সোণ বিচাৰি গুৱাহাটীত উপস্থিত ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA-এ৷ ৪৩ কোটি টকা মূল্যৰ প্ৰায় ৮৩.৬২ কেজি চোৰাং সোণ ৰে’লেৰে গুৱাহাটীৰ পৰা দিল্লীলৈ চালান দিওঁতে জব্দ হোৱা ঘটনা সংক্ৰান্তত নিয়াৰ এটা দলে গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলায়। যোৱা আগষ্ট মাহত ৮জন লোকক ৪৩ কোটি টকা মূল্যৰ চোৰাং সোণৰ সৈতে দিল্লী আৰ পি এফে আটক কৰিছিল৷ পিছলৈ গোচৰটো নিয়াৰ হাতলৈ হস্তান্তৰ কৰা হয়। ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থাৰ অভিযানত সোণখিনি গুৱাহাটীৰ পৰা ৰে’লেৰে দিল্লীলৈ চালান দিয়াৰ কথা পোহৰলৈ আহে৷ সেয়েহে ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থাৰ দলটোৱে মহাৰাষ্ট্রৰ লগতে গুৱাহাটীৰ কেইবাটাও স্থানত অব্যাহত ৰাখিছে অনুসন্ধান৷