Local, Vocal, Global

NFR Railway extends special : যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ৰে’লসেৱাৰ সম্প্ৰসাৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

নিউজ ডেস্ক, ৪ জুলাই : উত্তৰ-পূৱত আৰম্ভ বিশেষ ৰে’ল সেৱা(NFR Railway extends special)। যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে কেইখনমান বিশেষ ৰে’ল সেৱাৰ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ পূব সীমান্ত ৰে’লৱেয়ে(NFR Railway extends special)। উভয় দিশত এই বিশেষ ৰে’ল সেৱা সম্প্ৰসাৰিত কৰা হ’ব আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ পৰা বিভিন্ন চহৰলৈ চলিব ।

উত্তৰ পূব সীমান্ত ৰে’লৱেই এক প্ৰেছ বিজ্ঞপ্তিত এই কথা জানিব পৰা গৈছে(NFRR) । উভয় দিশৰ যাত্ৰাৰ সময়ত এই বিশেষ ৰে’লসমূহ শিমলুগুড়ী, ডিমাপুৰ, লামডিং, গোৱালপাৰা টাউন, আলিপুৰদুৱাৰ, নিউ জলপাইগুড়ী, ৰামপুৰহাট, খড়গপুৰ, ভুৱনেশ্বৰ, বিশাখাপত্তনম আৰু বিজয়ৱাড়া হৈ ইয়াৰ গন্তব্যস্থানত উপস্থিত হ’ব।

৩ জুলাইৰ পৰা ৩১ জুলাই, ২০২৩ লৈ প্ৰতি সোমবাৰে ৰে’ল নং ০৭০৪৬ (ছেকেন্দ্ৰাবাদ-ডিব্ৰুগড়) বিশেষ ৰেলখনৰ সেৱা ৫ টা ট্ৰিপৰ বাবে ছেকেন্দ্ৰাবাদৰ পৰা ডিব্ৰুগড়ত উপস্থিত হোৱাৰ বাবে সম্প্ৰসাৰিত কৰা হ’ব।

এনেদৰে ৬ জুলাইৰ পৰা ৩ আগষ্ট, লৈ প্ৰতি বৃহস্পতিবাৰে ৰে’ল নং ০৭০৪৭ (ডিব্ৰুগড়-ছেকেন্দ্ৰাবাদ) বিশেষ ৰে’লখনৰ সেৱা আন ৫ টা ট্ৰিপৰ বাবে ডিব্ৰুগড়ৰ পৰা ছেকেন্দ্ৰাবাদলৈ সম্প্ৰসাৰিত হ’ব ।

৪ জুলাইৰ পৰা ২৯ আগষ্ট, ২০২৩লৈ প্ৰতি মঙলবাৰে ৰে’ল নং ০৯৫২৫ (ওখা-নাহৰলাগুণ) গ্ৰীষ্মকালীন বিশেষ ৰে’লখনৰ সেৱা ৯ টা ট্ৰিপৰ বাবে ওখাৰ পৰা নাহৰলাগুণলৈ সম্প্ৰসাৰিত কৰা হব।

ৰে’ল নং ০৮০৪৭ (সাঁতৰাগাছি-গুৱাহাটী) সাপ্তাহিক উত্‍সৱ বিশেষ ৰে’লখনে ৭ জুলাইৰ পৰা ২৮ জুলাই, ২০২৩লৈ প্ৰতি শুকুৰবাৰে আন ৪ টা ট্ৰিপৰ বাবে ইয়াৰ সেৱা সম্প্ৰসাৰিত কৰা হ’ব ।

৮ জুলাইৰ পৰা ২৯ জুলাই, ২০২৩লৈ প্ৰতি শনিবাৰে ৰে’ল নং ০৮০৪৮ (গুৱাহাটী-সাঁতৰাগাছি)সাপ্তাহিক উত্‍সৱ বিশেষ ৰে’লখনে আন ৪ টা ট্ৰিপৰ বাবে গুৱাহাটীৰ পৰা সাঁতৰাগাছিলৈ ইয়াৰ সেৱা সম্প্ৰসাৰিত কৰিব।

একেদৰে, ৮ জুলাইৰ পৰা ২ছেপ্টেম্বৰ, ২০২৩ লৈ প্ৰতি শনিবাৰে ৰে’ল নং ০৯৫২৬ (নাহৰলাগুণ-ওখা) গ্ৰীষ্মকালীন বিশেষ ৰে’লখনৰ সেৱা নাহৰলাগুণৰ পৰা যাত্ৰা আৰম্ভ কৰি ওখাত উপস্থিত হ’বলৈ আন ০৯ (ন) টা ট্ৰিপৰ বাবে সম্প্ৰসাৰিত কৰা হব। উভয় দিশৰ যাত্ৰাৰ সময়ত এই ৰে’লসমূহ ইয়াৰ গন্তব্যস্থানত উপস্থিত হ’বলৈ হাৰমতী আৰু ৰঙাপাৰা নৰ্থ হৈ চলাচল কৰিব।

দুয়োখন ৰে’ল গোৱালপাৰা টাউন, নিউ বঙাইগাঁও, নিউ জলপাইগুড়ী, কিশণগঞ্জ, মালদা টাউন আৰু বৰ্দ্ধমান হৈ ইয়াৰ গন্তব্যস্থানত উপস্থিত হ’ব।

লগতে পঢ়ক : Jagdeep Dhankhar to visit Assam : গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়