Local, Vocal, Global

IndiGo Flight Emergency Landing : বৰঝাৰ বিমানবন্দৰত ভয়ংকৰ ঘটনা, কথমপি প্ৰাণৰক্ষা পৰিল কেইবাশ যাত্ৰীসহ দুই মন্ত্ৰীৰ

নিউজ ডেস্ক, ৪ জুলাই : গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত ভয়ংকৰ ঘটনা (IndiGo Flight Emergency Landing)। কথমপি প্ৰাণ ৰক্ষা পৰিল দুই মন্ত্ৰীৰ। কেইবাশ যাত্ৰীৰ লগতে শাসক-বিজেপি দলৰ কেবাজনো নেতা আছিল বিমানখনত (IndiGo Flight Emergency Landing)। ডিব্ৰুগড় অভিমুখী ইণ্ডিগ’ বিমানখনৰ ইঞ্জিন বিকল ।

ইণ্ডিগো বিমানত যান্ত্ৰিক বিজুটি ৷ বৰঝাৰ বিমান বন্দৰত জৰুৰীভাৱে অৱতৰণ কৰা হয় বিমানখন (LGBI airport)৷ ইণ্ডিগ’ বিমানখনৰ নম্বৰ আছিল 6E-2652 ৷

বৰঝাৰৰ পৰা উৰণ আৰম্ভ কৰা এখন ইণ্ডিগ’ বিমানত যান্ত্ৰিক বিজুটি ৷ জানিব পৰা মতে, অসমৰ কেইবাজনো ৰাজনৈতিক নেতাক লৈ যোৱা এখন ইণ্ডিগ’ বিমানখনে মঙলবাৰে গুৱাহাটী বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে ।

এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি ইণ্ডিগ’ৰ বিমানখন গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাওনা হৈছিল যদিও উৰণ আৰম্ভ কৰাৰ পিছতেই জৰুৰীকালীন অৱতৰণ কৰিবলগীয়াত পৰিছিল । বিমানখনৰ ২ নম্বৰ ইঞ্জিনত বিজুটি ঘটা বুলি জানিবলৈ পোৱা গৈছে ৷

জানিবলৈ পৰা মতে, ঢকুৱাখানাৰ বিধায়ক নৱ কুমাৰ দলেৰ লগতে অসমৰ কেবিনেট মন্ত্ৰী বিমল বৰা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আছিল ইণ্ডিগ’ বিমানখনত ৷ ইয়াৰোপৰি, কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰ, বিজেপি নেতা সুভাষ দত্তয়ো বিমানখনত আছিল ৷ লগতে কেবাশ যাত্ৰী কঢ়িয়াই লৈ যোৱা হৈছিল বিমানখনত । বিমানখনে উৰণ আৰম্ভ কৰাৰ পিছতে বিজুটিৰ সন্মুখীন হয় আৰু পুনৰ বৰঝাৰ বিমানবন্দৰলৈ উভতি আহে ।

ডিব্ৰুগড়ৰ আধাৰশিলাৰ এক অনুষ্ঠানলৈ গৈ আছিল দুয়োগৰাকী মন্ত্ৰী। বিমানখনৰ এটা উইঙত সংঘটিত হয় এই কাৰিকৰী বিজুতি। ৰানৱে’ত ধৰা পৰে বিমানখনৰ বিজুতি। বিমানখন মেৰামতিৰ পিছতে উৰা মাৰিব ডিব্ৰুগড়লৈ।

ইণ্ডিগ’ বিমানখনৰ নম্বৰ আছিল 6E-2652 আৰু বিমানখনে ডিব্ৰুগড় অভিমুখে উৰণ আৰম্ভ কৰিছিল বুলি জানিবলৈ পৰা গৈছে । বিজুটি ঘটাৰ ফলত বহুসময়লৈকে যাত্ৰীসকল বিমানখনৰ ভিতৰতে আৱদ্ধ হ’ব লগীয়াত পৰে ৷

লগতে পঢ়ক : Amarnath Yatra 2023: অমৰনাথ যাত্ৰাৰ ১৭ হাজাৰৰো অধিক তীৰ্থযাত্ৰীয়ে দৰ্শন কৰিলে পবিত্ৰ শিৱলিংগ