Local, Vocal, Global

সুখবৰ! ১২ ছেপ্টেম্বৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত চলিব ৪ খন নতুন ৰে’ল

দেশত কৰ’না মহামাৰীৰ ভয়াৱহতাৰ বাবে মাৰ্চ মাহৰ পৰাই যাত্ৰীবাহী ৰে’ল চলাচল বন্ধ আছিল। কিন্তু পৰ্যায়ক্ৰমে লকডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা শ্ৰমিক উদ্ধাৰৰ বাবে ভাৰতৰ ৰে’ল বিভাগে কিছু পৰিমাণে ৰেল চলাচল আৰম্ভ কৰিছিল। পিছত দেশত ১৫খন বিশেষ ৰাজধানী ৰে’ল চলাচলৰ ব্যৱস্থা কৰা হৈছিল। আৰু ইয়াৰ ভিতৰত ২খন ৰাজধানী ৰে’ল উত্তৰ পূৰ্বাঞ্চললৈও চলিছিল। পৰৱৰ্তী সময়ত ৰেল বিভাগে সমগ্ৰ দেশত ২৩০ খন যাত্ৰীবাহী ৰে’ল চলাচলৰ বাবে অনুমতি প্ৰদান কৰিছিল।

শেহতীয়াভাৱে ভাৰতীয় ৰে’লৱেয়ে অহা ১২ ছেপ্টেম্বৰ পৰা দেশত নতুনকৈ ৮০ খন ৰে’ল চলাচলৰ সিদ্ধান্ত লৈছে ৰে’ল বিভাগে। ইয়াৰে ৪ খন বিশেষ ৰেল উত্তৰ পূৰ্বাঞ্চলৰ পৰাই চলিব। উত্তৰ পূৰ্বাঞ্চলৰ পৰা চলিব লগা কেইখন ক্ৰমে অমৃতচৰ(সাপ্তাহিক), গুৱাহাটী পৰা বাংগালুৰু (সপ্তাহত তিনি দিন), গুৱাহাটীৰ পৰা লালগৰ(দৈনিক) আৰু আগৰতলাৰ পৰা দেওঘৰ(সাপ্তাহিক)।