Local, Vocal, Global

ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীলৈ আশাৰ খবৰ

নিউজ ডেস্ক, ১৮ জুন : ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীলৈ আশাৰ খবৰ। ঔদ্যোগিক আৰু বাণিজ্য বিভাগৰ ৭০০টা খালী পদত শীঘ্ৰেই নিযুক্তিৰ আশ্বাস মন্ত্ৰী বিমল বৰাৰ।

মন্ত্ৰী বৰাই বিভাগটোৰ দীৰ্ঘদিন ধৰি পদোন্নতিৰ পৰা বঞ্চিত ৮৫গৰাকী বিষয়াক পদোন্নতি দিয়াৰ ব্যৱস্থা কৰে। উল্লেখ্য যে বিগত প্রায় ২৫ বছৰে বিভাগটোত বিষয়া-কৰ্মচাৰীৰ পদোন্নতি হোৱা নাছিল । মন্ত্ৰী গৰাকীয়ে মুঠ ৮৫ গৰাকী সম্প্ৰসাৰণ বিষয়াসহ, প্ৰবন্ধকক অধ্যক্ষ পদলৈ পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিছে।

মন কৰিবলগীয়া যে বিভাগটোত এতিয়াও খালী হৈ আছে বহু পদ। বিভাগটোৰ মুঠ ১২০০ পদৰ ভিতৰত কেৱল ৫০০গৰাকী কৰ্মচাৰীয়েহে দায়িত্বত আছে। সেই অনুসৰি বিভাগৰ মুঠ ৭০০ পদ খালী হৈ আছে। এই পদসমূহত শীঘ্রে নিযুক্তিৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী বৰাই।