Newborn’s Body Found Half Eaten : বৰপেটাত ভূলুণ্ঠিত মানৱতাঃ নদীৰ সমীপত উদ্ধাৰ অচিনাক্ত নৱজাতকৰ আধা অংশ

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : এক হৃদয়বিদাৰক ঘটনা । বৰপেটাত পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল। বৰপেটাত উদ্ধাৰ হৈছে নৱজাতকৰ মৃতদেহ(Half Eaten by Suspected Animals, Body of Newborn Recovered in Barpeta)।
বৰপেটাৰ চাউলখোৱা নদীৰ সমীপৰ গান্ধীনগৰত উদ্ধাৰ হৈছে এটি অচিনাক্ত কেঁচুৱাৰ মৃতদেহ।বুধবাৰে পুৱা প্ৰায় ১১ মান বজাত পথচাৰীয়ে প্ৰত্যক্ষ কৰে কেঁচুৱাটিৰ মৃতদেহটো(Newborn’s Body Found Half Eaten ) ।
জানিব পৰা মতে, শিশুটিৰ আধা অংশ নাছিল । কোনো প্ৰাণীয়ে নৱজাতকৰ আধা অংশ ভক্ষণ কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে । আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে ।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই নৱজাতকৰ পৰিচয়(Newborn’s Body Found Half-Eaten In Barpeta, Suspected Animal Involvement) ।
স্থানীয় লোক এজনে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, ” ৰাতিপুৱাৰ সময়ত এটি কেঁচুৱাৰ নিৰ্জীৱ মৃতদেহ নদীৰ সমীপত পৰি থকা প্ৰত্যক্ষ কৰিছিলো । কিন্তু কেঁচুৱা পৰিচয় জানিব পৰা হোৱা নাই । স্থানীয় লোকে শিশুটিৰ আধা অংশ কুকুৰে ভক্ষণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ।
নৱজাতকৰ মৃতদেহ কোনে কি কাৰণত পেলাই থৈ গ’ল, সেয়া স্পষ্ট হোৱা নাই যদিও কোনো পাষানে এই নৃশংস ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।
লগতে পঢ়ক : Cyclone Michaung : ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱত মৃত্যু ১৭ জনৰ