Local, Vocal, Global

চোৰাংসৰবৰাহৰ নতুন কৌশল

নিউজ ডেস্ক : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে ড্ৰাগছৰ লগতে গাঁঞ্জাৰ চোৰাং সৰবৰাহ। তাৰ লগে লগে তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ অভিযানো।

আৰক্ষীৰ চকুত ধুলি দি চোৰাং সৰবৰাহ কৰিবৰ বাবে নিতৌ নতুন নতুন কৌশল উদ্ভাৱন কৰিছে সৰবৰাহকাৰীয়ে।

বৃহস্পতিবাৰে গোসাইগাওঁ আৰক্ষীয়ে এখন বাহনৰ ওপৰৰ অংশত থকা কেবিন পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ গাঁজা।

প্ৰতিবেদন অনুসৰি, নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি চলোৱা অভিযানত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গোসাইগাঁও আৰক্ষী থানাত এখন বাহনৰ তালাচী কৰা হৈছিল।

তালাচীত বাহনখনত লুকুৱাই ৰখা মুঠ ২৭০ টা পেকেটত ভৰ্তি বৃহৎ পৰিমাণৰ গাঁজা উদ্ধাৰ কৰা হৈছিল।

বাতৰি অনুসৰি, জব্দকৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ১,৪৮৩ কিলোগ্ৰাম আৰু আন্তৰ্জাতিক বজাৰত ইয়াৰ মূল্য কেইবা কোটি বুলি ধাৰণা কৰা হৈছে।

বিষয়টোৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা অভিযুক্তজনক ৰঞ্জিত চৌৰাছিয়া বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, জব্দ কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ NL 01 AB 7316 আছিল আৰু খবৰ অনুসৰি গুৱাহাটীৰ পৰা আহি আছিল।

ঘটনা সন্দৰ্ভত পৰৱৰ্তী অনুসন্ধান অব্যাহত আছে।