Local, Vocal, Global

১৫ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক : ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে সাজু হৈ উঠিছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা। ১৫ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

মুখ্য বন সংৰক্ষক এম.কে. যাদৱে কয় যে এই বছৰ পৰ্যটকসকলৰ বাবে মুখ্য আকৰ্ষণ হ’ব গঁড়ৰ খৰ্গৰ ছাইৰে নিৰ্মিত তিনিটা গঁড়ৰ মূৰ্তি।

২০২১ চনত জ্বলোৱা গঁড়ৰ খৰ্গৰ ছাইৰ সৈতে নিৰ্মাণ কৰা হৈছে তিনিটা গঁড়ৰ মূৰ্তি। বাতৰি অনুসৰি, মূৰ্তিবোৰৰ নিমাৰ্ণৰ ১ সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব আৰু কৰ্তৃপক্ষই আশা কৰে যে এইবছৰ উদ্যানখনে অধিক পৰ্যটকক আকৰ্ষিত কৰিব।

আনহাতে, ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি নহ’লেও অহা ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈকে কাজিৰঙাত অনুষ্ঠিত হ’ব লগা চৰকাৰৰ চিন্তন বৈঠকৰ সময়ত উপস্থিত হোৱা অতিথিসকলক ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছু অংশ দৰ্শনৰ ব্যৱস্থা কৰিব উদ্যান কৰ্তৃপক্ষই৷