ৰহাত এটিএম প্ৰৱঞ্চকৰ জালত নেপকোৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী

নিউজ ডেক্স ,১৮জুলাই : এ টি এমত ATM কাৰ্ড ব্যৱহাৰ কৰোতে সাবধান। সাবধান নহলে পৰিব পাৰে প্ৰৱঞ্চকৰ জালত।
ৰহাত এটিএম প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ বলি হৈ পূব টোপাকুচিৰ খৰ্গেশ্বৰ বৰদলৈ নামৰ এজন লোকে হেৰুৱালে প্ৰায় ১২ লক্ষাধিক টকা।
নেপকো( NEPCO)ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰকীয়ে যোৱা ২ জুলাইত ৰহাৰ পঞ্জাৱ নেচনেল বেংক (PNB)ৰ এ টি এমৰ পৰা টকা উলিয়াইছিল৷
তেতিয়ায়ে এ টি এমৰ ভিতৰত ব্যক্তিজনৰ পিচফালে ৰৈ আছিল এজন অচিনাকী যুৱক। খৰ্গেশ্বৰ বৰদলৈৰ পৰা প্ৰৱঞ্চনাৰে যুৱকজনে এ টি এম কাৰ্ডখন সলানি কৰি এ টি এমৰ পৰা পলায়ন কৰে।
দুদিন মানৰ পিছত খৰ্গেশ্বৰ বৰদলৈৰ ম’বাইললৈ টকা উঠোৱাৰ মেছেজ আহে আৰু শনিবাৰে এই সম্পৰ্কত খৰ্গেশ্বৰ বৰদলৈয়ে বেংক মেনেজাৰক অৱগত কৰাত ইতিমধ্যে লোকজনৰ একাউণ্টৰ পৰা ১২ লাখ ৩৩ হাজাৰ টকা প্ৰৱঞ্চকে লুটিলে বুলি বেংক কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
খৰ্গেশ্বৰ বৰদলৈয়ে এই সন্দৰ্ভত দেওবাৰে ৰহা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কিন্তু এতিয়াও প্ৰৱঞ্চকজনক আটক কৰাত সক্ষম হোৱা নাই ৰহা আৰক্ষীয়ে।