Watch | NEMSU Badrul islam on bodo family eviction: ‘হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অতিশীঘ্ৰে বন্ধ কৰক উচ্ছেদৰ উৎসৱ’
ওদালগুৰি: হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অতিশীঘ্ৰে বন্ধ কৰক উচ্ছেদৰ উৎসৱ । মানুহে পাপ লাগিব বুলি পাৰৰ বাহো ভাঙি নিদিয়ে । কিন্তু হিমন্তই অমানৱীয় ভাবে এফালৰ পৰা ভাগি দিছে একাংশৰ ঘৰ। এদিন হলেও ইয়াৰ ফল ভূগিব হিমন্তই। শেহতীয়াকৈ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত ৪০ টাকৈ বড়ো সম্প্ৰদায়ৰ লোকক উচ্ছেদৰ জাননী দিয়াক লৈ ক্ষোভ NEMSU ৰ কেন্দ্রীয় সভাপতি বদৰুল ইছলামৰ।
নেতাগৰাকীয়ে কয় যে, অকল মুছলমানক এইখন চৰকাৰে টাৰ্গেট কৰা বুলি আমি ভবা কথা ভুল আছিল । এই চৰকাৰ খনে এতিয়া ভূমিপুত্র বড়ো ভাইসকলৰ গাতো হাঁত দিয়াৰ চেষ্টা কৰিছে । যোৱা কিছুদিন ধৰি যি উচ্ছেদ চলিছে তাত আমিও সমর্থন জনালো হয়। যদিহে উচ্ছেদিত লোকক আগতিয়াকৈ দিলে হয় সংস্হাপন । কিন্তু আগতীয়াকৈ সংস্হাপন নিদি নির্দয়ভাৱে ভাগি দিয়া হল উচ্ছেদিতৰ ঘৰ । যি ঘটনা চৰম দুভাগ্যজনক।মন্তব্য কেন্দ্রীয় সভাপতিগৰাকীৰ ।
Watch | Chapar news: চাপৰৰ আৰেয়াৰঝাৰ ৰাস মন্দিৰ প্ৰাংগনত অনুষ্ঠিত ‘থিয়’ আখৰা