১৫ আগষ্টৰ পৰা আৰম্ভ হ’ব অমৃত বৃক্ষৰোপণ

নিউজ ডেক্স ,১৭জুলাই : ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে ‘অমৃত গছ’ প্ৰকল্পৰ আৰম্ভ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে গুৱাহাটীৰ জনতা ভৱনত গছপুলি ৰোপণ কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচী (CMIPP) আৰম্ভ কৰে।
মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানগত বৃক্ষৰোপণ কাৰ্যসূচীত ১৭ জুলাইৰ পৰা ১৫ আগষ্ট, ২০২২ লৈ অসম চৰকাৰৰ অধীনৰ ৮০,০০০ তকৈও অধিক প্ৰতিষ্ঠানিক কাৰ্যালয়ৰ চাৰিসীমাত গছ ৰোপণৰ আহ্বান জনোৱা হৈছে।
মুখ্যমন্ত্ৰীয়ে সকলো প্ৰতিষ্ঠানক ‘আজাদী কা অমৃত মহোৎসৱ’ আৰু CMIPP ক ‘অমৃত বৃক্ষ মহোৎসৱ’লৈ ৰূপান্তৰ কৰিবলৈ ৭৫ টা গছপুলি (অমৃত গছ) ৰোপণ কৰিবলৈ অনুৰোধ জনায়।
ইফালে, টুইটাৰযোগে মুখ্যমন্ত্ৰী শৰ্মাই কয়, “CMIPP ৰ অধীনত স্থানীয় গছপুলি ৰোপণ, Geotag আৰু Upload কৰা হ’ব আৰু পৰৱৰ্তী ৩ বছৰৰ বাবে সঠিক যত্ন আৰু নিৰীক্ষণ কৰা হ’ব।”