Local, Vocal, Global

নাজিৰাৰ নমাটিত বাহ পাতিছে পৰিভ্ৰমী চৰাইয়ে

নাজিৰাৰ নমাটিত এক মনোমোহা দৃশ্য। হাজাৰ হাজাৰ পৰিভ্ৰমী শামুকভঙাই চৰাইয়ে গছত বাহ পাতিছে। প্ৰায় ৫-৬ বছৰ ধৰি বাৰিষাকাল নামি অহাৰ লগে লগেই নাজিৰাৰ নমাটি অঞ্চলত দেখিবলৈ পোৱা যায় হাজাৰ হাজাৰ শামুকভঙা চৰাই।

বংশবৃদ্ধিৰ উদ্দেশ্যেৰে হাজাৰ হাজাৰ এই সমূহ পৰিভ্ৰমী শামুকভঙা চৰাইয়ে বাৰিষাকালত বাহ পাতি বাসস্থান কৰেহি নাজিৰাৰ নমাটিত। এক সুন্দৰ দৃশ্য চাৰিওফালে শামুকভঙা চৰাই কিৰিলিও শুনিবলৈ পোৱা যায় নাজিৰাৰ নমাটিত।

নাজিৰাৰ নমাটি অঞ্চলৰ ৰাইজেই এই সমূহ পৰিভ্ৰমী শামুকভঙা চৰাইৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। দুষ্কৃতিকাৰীৰ কবলৰ পৰাও এই সমূহ পৰিভ্ৰমীক শামুকভঙা চৰাইক ৰক্ষণাবেক্ষণ দি আহিছে যদিও বৰ্তমান নমাটি অঞ্চলৰ ৰাইজে বনবিভাগকো ৰক্ষণাবেক্ষণৰ বাবে আহ্বান জনাইছে।