Local, Vocal, Global

ডিমা হাচাওত পুনৰ প্ৰকৃতিৰ তাণ্ডৱ সোমবাৰৰ পুৱাৰে পৰা বন্ধ শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথ

নিউজ ডেস্ক, ১৩ জুন : পুনৰ প্ৰকৃতিৰ ৰোষত ডিমা হাচাও জিলা। কিছুদিন পূৰ্বে ভূমিস্খলন আৰু বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগত প্ৰকৃতিৰ ৰম্য ভূমি ডিমা হাচাও সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাৰ পিছত পুনৰ জিলা খনত আৰম্ভ হৈছে প্ৰকৃতিৰ তাণ্ডৱ।

ৰাজ্যৰ বিভিন্ন স্থানত দেওবাৰৰ পৰা আৰম্ভ হোৱা বৰষুণৰ প্ৰকোপ ডিমা হাচাও জিলাতো বৃদ্ধি পাইছে। দেওবাৰে ডিমা হাচাওত হোৱা প্ৰচণ্ড বৰষুণৰ বাবে নিশাৰে পৰা জিলাখনৰ বিভিন্ন স্থানত পুনৰ আৰম্ভ হয় ভূমিস্খলনৰ দৰে ঘটনাৰ। দেওবাৰে নিশাৰে পৰা হোৱা এনে ভূমিস্খলনৰ বাবে সোমবাৰৰ পুৱাৰে পৰা বন্ধ হৈ পৰে শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথ।

শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰেংগাজাও দলৈচুঙা আৰু দিমৰুচৰাত সংঘটিত হোৱা ভূমিস্খলনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটো পুনৰ বন্ধ হৈ পৰে। যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইফথৰ দুয়োদিশে শতাধিক যান-বাহন আবদ্ধ হৈ পৰে।

খবৰ আনুসৰি,প্ৰশাসনে পথটো মুকলি কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা ক্ষীপ্ৰতাৰে নোলোৱাৰ বাবে স্থানীয় ৰাইজেই পথটো মুকলি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।