Local, Vocal, Global

খোৱা পানী কিনি খোৱাৰ আগত যদি ভালদৰে চাই খোৱা নাই
তেন্তে আপুনি পৰিব পাৰে বিপদত

নিউজ ডেস্ক, ১৩ জুন : এটুপি খোৱা পানীৰ নামত আপুনি কি খাইছে । যদি ভালকৈ চাই খোৱা নাই তেন্তে আপোনাৰ বিপদ অনিবাৰ্য।কাৰণ এটুপি বিশুদ্ধ খোৱা পানীৰ নামত বজাৰত বিক্ৰী হৈ আছে লেতেৰা দ্ৰৱ মিহলি হৈ থকা শেলাই জাতীয় কিছুমান সামগ্ৰী। যাৰ ফলত এই পানী খোৱাৰ পিছতে হৈ পৰিব পাৰে মানুহ অসুস্থ।

বাইহাটাৰ কমলপুৰত বিশুদ্ধ খোৱাৰ পানীৰ নামত বৰ বিহ। চাংসাৰীৰ নিকটৱৰ্তী ধনুকাস্হিত গিৰিজা ইণ্ডাষ্ট্ৰিছৰ পিউৰিদু(pureado) নামৰ পানী কোম্পানীৰ পানীৰ কেবাটাও বটলত দেখা গৈছে এনেবোৰ লেতেৰা দ্ৰব্য। নিজৰ খিয়ালসূচী মতে এই কোম্পানীটোৱে এতিয়া পানীৰ নামত খুৱাই আছে বৰবিহ।

এই ক্ষেত্ৰত সম্পূৰ্ণ চকুমুদা কুলিৰ ভাওত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ। এতিয়া সাধাৰণ গ্ৰাহকৰ প্ৰশ্ন কেতিয়া চৰকাৰে নাকি লগাব এনেবোৰ উদ্যোগ প্ৰতিস্থানক।