Local, Vocal, Global

জৰাজীৰ্ণ বৰডুমচা পেঙেৰী ৰাষ্টীয় ঘাইপথ, নিৰ্মানৰ দাবী অসমীয়া যুৱ মঞ্চৰ

ডিজিটেল ডেস্ক:- মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ বৰডুমচা-পেঙেৰী বিধ্বস্তপ্ৰায় ঘাইপথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। বাৰিষা নহওঁতেই উক্ত পথটোৰ যাতায়তৰ বাবে একেবাৰে অনুপযোগী হৈ পৰিছে। পথটো নিৰ্মাণৰ বাবে বিগত সময়ত অঞ্চলটোৰ একাধিক দল সংগঠনে দাৱী জনাই আহিছে যদিও আজিলৈকে পথটো নিৰ্মাণ হৈ নুঠিল।

ফলত উক্ত পথেদি যাতায়ত কৰা পথছাৰীয়ে জীয়াতু ভূগিব লগিয়া হৈ আহিছে। অসম-অৰুণাচল প্ৰদেশৰ সংলগ্ন মুল পথটো এনে জৰাজীৰ্ণ অৱস্থা বিভাগীয় কতৃপক্ষ বিৰুদ্ধে মুখৰ হৈ পৰে অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ।

আজি অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি গৌতম বৰুৱাই বৰডুমচা পেঙেৰী পথটো অতি শীঘ্ৰে নিৰ্মাণ কৰি যাতায়াত ব্যবস্থা সুচল কৰি তুলিব বাবে দাবী জনাইছে। অন্যথা অনাগত সময়ত পথ নিৰ্মাণৰ দাবীত তীব্র গণতান্ত্রিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে।