Local, Vocal, Global

Independence Day : ভাৰত স্বাধীন হোৱাৰ ৭৬টা বছৰৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ ৬ খন গাঁৱত উত্তোলন কৰা হয় ৰাষ্ট্ৰীয় পতাকা

নিউজ ডেস্ক, ১৫ আগষ্ট : আজি সমগ্ৰ দেশবাসীয়ে ৭৭তম স্বাধীনতা দিৱস উদযাপন কৰিছে 77th independence day । এই উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ লালকিল্লাৰ পৰা পতাকা উত্তোলন কৰে । ইয়াৰ লগতে, সকলো ৰাজ্য, জিলা, মহকুমা, গাওঁ পঞ্চায়ত আদিকে ধৰি সকলো চৰকাৰী কৰ্মস্থানত পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস পালন কৰিছে দেসবাসীয়ে। কিন্তু দেশৰ এনে গাওঁ আছে য’ত এই পৰ্যন্ত পতাকা উত্তোলন কৰা হোৱা নাছিল। দেশৰ ছয়খন গাঁৱত প্ৰথমবাৰৰ বাবে পতাকা উত্তোলন কৰা হয় ।

জানিব পৰা মতে ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত ৬খন গাওঁ য’ত স্বাধীনতাৰ ৭৬ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় । এই তথ্য ছত্তীশগড় আৰক্ষীয়ে জানিবলৈ দিয়ে। সুৰক্ষা বাহিনীয়ে এই গাওঁসমূহৰ ওচৰত নতুন শিবিৰ স্থাপন কৰাৰ পিছতহে এইটো সম্ভৱ হৈ উঠিছে । বস্তৰ বিভাগৰ ভিতৰত চুকমা আৰু বিজাপুৰ বিগত তিনি দশক ধৰি নক্সাল বিদ্ৰোহৰ ভাবুকিৰ সন্মুখীন হৈ থকা সাতখন জিলাৰ ভিতৰত আছে ।

বস্তৰ ডিভিজনৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে জনোৱা অনুসৰি ‘মঙলবাৰে বিজাপুৰ জিলাৰ চিন্নাগেলুৰ, টাইমনাৰ, হিৰোলি আৰু চুকমা জিলাৰ বেদ্ৰে, ডুবামাৰ্কা আৰু টণ্ডামাৰ্কা গাঁৱত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় , য’ত দেশে স্বাধীনতা লাভ কৰাৰ পিছৰ পৰা এনে অনুষ্ঠান পূৰ্বে প্ৰত্যক্ষ কৰা হোৱা নাছিল।’

ইয়াৰ লগতে, চুকমা জিলাৰ পিদমেল, ডুবাকোন্টা, চিলগাৰ আৰু কুণ্ডেদ গাঁৱতো প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱস উদযাপন কৰা হয় । অৱশ্যে, এই বছৰ প্ৰথমবাৰৰ বাবে এই গাওঁসমূহত চলিত বৰ্ষৰ ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল।

লগতে পঢ়ক : 77th independence day: দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলন