Local, Vocal, Global

77th independence day: লালকিল্লাত মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

নেশ্যনেল ডেস্ক, ১৫আগষ্ট : আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস। দেশে উলহ–মালহেৰে উদযাপন কৰিছে ৭৭ সংখ্যক স্বাধীনতাৰ দিন। লালকিল্লাত দশমবাৰৰ বাবে ত্ৰিৰংগা উৰুৱালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
পতাকা উত্তোলনৰ লগে লগে আৰম্ভ ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন…’। নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম অ–কংগ্ৰেছী প্ৰধানমন্ত্ৰী, যিয়ে একেলগে ১০বাৰলৈ লালকিল্লাৰ পৰা জাতীয় পতাকা উত্তোলন কৰে। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰু নিজৰ দ্বিতীয় কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে শেষবাৰৰ বাবে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

লালকিল্লাৰ অনুষ্ঠানলৈ দেশৰ বিভিন্ন স্তৰৰ ১,৮০০ বিশেষ অতিথিক আমন্ত্ৰণ কৰা হৈছে। দেশৰ লগতে অসমতো স্বাধীনতা দিৱসৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

আনহাতে লালকিল্লাত স্বাধীনতা দিৱসৰ এই ক্ষণত প্ৰধানমন্ত্ৰী মোডীয়ে মণিপুৰ প্ৰসংগত ভাষণ প্ৰদান কৰে।

দেশবাসীকলৈ সম্বোধন কৰা ভাষণত তেওঁ মণিপুৰৰ ঘটনাৰ লগতে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ তেওঁ সকলোৱে ব্যাথিত বুলি কয়।লগতে তেওঁ কয় যে- ‘ মণিপুৰলৈ শান্তি ঘূৰি আহিছে। মহিলাসকলৰ ওপৰত হোৱা অত্যাচাৰত আমি ব্যাথিত।’

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে , মণিপুৰত সংঘটিত গোষ্ঠীগত হিংসা সন্দৰ্ভত তেওঁ শান্তিৰে সকলো সমস্যাৰ সমাধান কৰা হ’ব । লগতে তেওঁ কয় যে সমগ্ৰ দেশ মণিপুৰৰ লগত আছে। চিন্তাৰ কোনো কাৰণ নাই।

লগতে পঢ়ক : 77th independence day: দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলন