Local, Vocal, Global

ৰাষ্ট্ৰীয় শিক্ষা নীতি জ্ঞানৰ এক দস্তাবেজ : ধৰ্মেন্দ্ৰ প্ৰধান

নিউজ ডেস্ক, ১৯ আগষ্ট : ৰাষ্ট্ৰীয় শিক্ষা নীতিক ( National Education Policy , NEP) এক জ্ঞানৰ দস্তাবেজ বুলি অভিহিত কৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে ইয়াৰ লক্ষ্য হৈছে শিক্ষা সকলোৰে বাবে উপলব্ধ কৰা।

উদ্যোগ সংস্থা ASSOCHAMৰ এক অধিৱেশনত ভাষণ দি ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে কেন্দ্ৰই প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীসকলৰ নামভৰ্তি বৃদ্ধি আৰু তেওঁলোকৰ শিক্ষা অব্যাহত ৰখাটো নিশ্চিত কৰিব বিচাৰিছে।

তেওঁ কয় “NEP ২০২০ হৈছে প্ৰাথমিকৰ পৰা উচ্চ শিক্ষাৰ স্তৰলৈ ভাৰতৰ শিক্ষাৰ ভৱিষ্যত। ইয়াৰ উদ্দেশ্য হৈছে এজন ব্যক্তিৰ সৰ্বাংগীন বিকাশৰ প্ৰচাৰ কৰা। ইয়াৰ উদ্দেশ্য হৈছে শিক্ষা সকলোৰে বাবে উপলব্ধ কৰা,” ।

PTIৰ প্ৰতিবেদন অনুসৰি ভাৰত জ্ঞান-আধাৰিত অৰ্থনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

প্ৰধানে কয় “ভাৰতৰ শৈক্ষিক সম্প্ৰদায়সমূহে ভাৰতৰ বিশ্বনেতা (global leader)হোৱাৰ বাবে এক সঠিক স্থান নিশ্চিত কৰাৰ ক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ইয়াৰ দিশত এক পথ,”।

পশ্চিম বংগৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাবিদসকলে অধিৱেশনত অংশগ্ৰহণ কৰে আৰু ভাৰতৰ শিক্ষাৰ ভৱিষ্যতৰ বিষয়ে তেওঁলোকৰ মতামত ব্যক্ত কৰে।