মহানগৰীত প্ৰশাসনৰ নীতি নিৰ্দেশনাক বুঢ়াআঙুলি একাংশ ব্যৱসায়ীৰ

আজিৰ পৰা মহানগৰীত আৰম্ভ হৈছে আনলক- ১ প্ৰক্ৰিয়া। কৰ’না ভাইৰাছৰ গণ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযোজ্য হোৱা আনলক- ১ ত কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ দোকান পোহাৰ সমূহ এক নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে খোলাৰ নিৰ্দেশ দিছিল। আজিৰে পৰা প্ৰযোজ্য হোৱা নিৰ্দেশনা অনুসৰি জালুকবাৰীৰ পৰা নুনমাটিৰ সো দিশ, ছয় মাইল পাঞ্জাবাৰীৰ সো দিশৰ ব্যৱসায়ীক প্ৰতিস্থান সমূহ খোলাৰ বাবে ব্যৱসায়ী সন্থা সমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু প্ৰশাসনৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই মহানগৰীৰ নুনমাটিৰ নাৰেংগী, কলংপাৰ, ফৰেষ্টগেট আদি পথৰ দুয়ো পাৰৰ দোকান পোহাৰ সমূহ আজি পুৱাৰে পৰা দুপৰীয়াৰ ভাগলৈ খোলাৰ পিছতো স্থানীয় আৰক্ষীয়ে নীৰৱ ভূমিকা পালন কৰাক কেন্দ্ৰ কৰি অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ । স্থানীয় একাংশ সচেতন লোকে সমগ্ৰ বিষয়টো দৃষ্টি গোচৰ কৰি আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ কেইঘণ্টা পিছতহে বন্ধ কৰি দিয়া হয় বাওঁফালৰ দোকান সমূহ।