Local, Vocal, Global

Modi will once again become PM: পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

গুৱাহাটী, ৬ জুন : নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে কেন্দ্ৰত ৯ বছৰীয়া শাসনকাল সম্পূৰ্ণ কৰিলে (Narendra Modi government completed 9 years)। এই উপলক্ষ্যে অসম বিজেপিৰ সভাপতি ভৱেশ কলিতা(Assam BJP president Bhabesh Kalita)ৰে হোৱা এক সাক্ষাৎকাৰত তেখেতে কয় যে ২০২৪ চনৰ আগন্তক সাধাৰণ নিৰ্বাচনৰ পিছত পুনৰবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী ।

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, আগন্তুক ২০২৪ চনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব (Lok Sabha polls will be held in 2024) আৰু নৰেন্দ্ৰ মোডীয়েই পুনৰ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনখন অলংকৃত কৰিব (Modi will once again become PM) ।

কেন্দ্ৰত ৯ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, যোৱা ৯ বছৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চল যথেষ্ট লাভান্বিত হৈছে ।

কলিতাই লগতে কয়, “কৃষি, স্বাস্থ্য, আৰু পথ সংযোগকে ধৰি প্ৰতিটো খণ্ডতে উন্নয়নৰ সাক্ষী হৈ আহিছে অসম । ইয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওচৰত চিৰ কৃতজ্ঞ ।”

২০১৪ চনৰ ২৬ মে’ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নৰেন্দ্ৰ মোদীয়ে (First swearing in ceremony of Narendra Modi) ২০১৯ চনৰ ৩০ মে’ত দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰে।

তদুপৰি কলিতাই ঘোষণা কৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Union Home Minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা(BJP National President JP Nadda)ই চলিত মাহত অসম ভ্ৰমণ কৰি অসম বিজেপিৰ মহাজনসম্পৰ্ক অভিযান (Mahajanasampark Abhiyan)ৰ অংশ হিচাপে দুখন বৃহৎ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি চলোৱাৰ লক্ষ্যৰে বিজেপিয়ে ১১ জুনৰ পৰা ৰাজ্যখনৰ ১৪টা লোকসভা সমষ্টিতে বহুকেইখন বৃহৎ ৰাজহুৱা সভা আৰু ৰেলী অনুষ্ঠিত কৰিব বুলি ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ।

অসমৰ ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰা অনুসৰি, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নীতি আৰু আঁচনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ উদ্দেশ্যে দলটোৱে ৰাজ্যখনৰ লোকসভা সমষ্টিসমূহত ১১ জুনৰ পৰা ৩০ জুনলৈ বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰিব ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Assam Chief Minister Dr Himanta Biswa Sarma), কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal), বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুকে ধৰি কেইবাগৰাকী মন্ত্ৰী আৰু দলীয় নেতৃত্বই বিশাল ৰাজহুৱা সভা আৰু ৰেলীত অংশগ্ৰহণ কৰিব বুলি দলীয় সূত্ৰত প্ৰকাশ ।

এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে “২৭ জুনত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত হোজাইত অনুষ্ঠিত হ’বলগীয়া ৰেলীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া ৰেলীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অংশগ্ৰহণ কৰিব ।”

তেওঁ লগতে উল্লেখ কৰে যে ডিফু, তেজপুৰ, লখিমপুৰ, যোৰহাট আৰু ধুবুৰী লোকসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাসমূহত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷ একেধৰণে গুৱাহাটী, মঙলদৈ, কলিয়াবৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত হ’বলগীয়া ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । তাৰোপৰি বৰাক উপত্যকাৰ লগতে কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টিত আয়োজন হ’ব লগা সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা উপস্থিত থাকিব।

লগতে পঢ়ক : Amit Shah to visit Assam : ২৭ জুনত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ