Local, Vocal, Global

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব অসম মিথানল প্ৰকল্প

ডিজিটেল ডেস্ক:- অসম চৰকাৰৰ এক ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ আৰু অসম গেছ কোম্পানী লিমিটেডৰ মুখ্য অংশীদাৰীত্বৰে গঠিত প্ৰতিষ্ঠানটো ১৯৭১ চনত অন্তৰ্ভুক্ত কৰা হৈছিল। [3] ১৯৭৬ চনত নামৰূপত অৱস্থিত মিথানল প্ৰকল্পত ফৰ্মেলডিহাইড আৰু কেইটামান ইউৰিয়া-ফৰ্মেলডিহাইড ৰেজিন যেনে ইউৰিয়া-ফৰ্মেলডিহাইড গ্লু আৰু ইউৰিয়া-ফৰ্মেলডিহাইড মোল্ডিং পাউডাৰৰ সৈতে উৎপাদন আৰম্ভ কৰা হৈছিল। ১৯৮৯ আৰু ১৯৯৮ চনত সম্প্ৰসাৰণৰ পিছত, কোম্পানীটোৱে মিথানল প্ৰকল্পটো ১০০ টিপিডি (প্ৰতিদিনে টন) আৰু ফৰ্মেলডিহাইড প্ৰকল্পৰ ক্ষমতা ১০০ টিপিডিলৈ সম্প্ৰসাৰিত কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ এপ্রিলত নামৰূপত অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ ডিব্ৰুগড় জিলাৰ নামৰূপত নতুনকৈ স্হাপন কৰা দৈনিক ৫০০ টন উৎপাদনক্ষম মিথানল প্ৰকল্পটি উদ্বোধন কৰিব। এই উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এক গুৰুত্বপূর্ণ আলোচনা অনুস্থিত হয়। এই আলোচনাত উদ্যোগ বিভাগৰ সচিব ড০লক্ষ্মনণ এছ, আয়ুক্ত ঐনাম শৰণ কুমাৰ সিঙকে ধৰি উচ্চ পদস্থ বিষয়া সকল উপস্থিত আছিল। এই বৈঠকত উদ্বোধনী অনুষ্ঠানৰ বিষয়ে আলোচনা কৰাৰ লগতে সকলো ব্যবস্থা নিয়াৰিকৈ সম্পাদন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

উল্লেখ্য যে অসম চৰকাৰৰ অধীনত ১৯৭১ চনত স্হাপন কৰা অসম পেট্ৰ’কেমিকেলছ লিমিটেড চমূকৈ এপি এল হৈছে প্ৰাকৃতিক গেছৰ পৰা মিথানল উৎপাদন কৰা দেশৰ প্ৰথমটো কোম্পানি।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্হিতিত গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি এই প্ৰকল্পৰ উদ্বোধন কৰিব।

এপি এলে ২০১৭ চনত ইয়াৰ সম্প্ৰসাৰণৰ বাবে লোৱা পৰিকল্পনা অনুসৰি মুঠ ১৭০৯কোটি ব্যয়েৰে ডিব্ৰুগড় জিলাৰ নামৰূপত দৈনিক ৫০০টন আৰু বঙাইগাঁও জিলাৰ বৈতামাৰীত দৈনিক ২০০ টন মিথানল উৎপাদনৰ লক্ষ্য স্হিৰ কৰা হৈছিল। ইয়াৰে নামৰূপৰ প্ৰকল্পটি ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে আৰু কেচা মিথানল উৎপাদনৰ পৰীক্ষা সফলতাৰে সম্পন্ন হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক গেছ অইল ইণ্ডিয়া লিমিটেডে যোগান ধৰিছে।