Local, Vocal, Global

WATCH | Nalbari News : বৰক্ষেত্ৰীৰ ২ নং কেকানকুছিত কংগ্ৰেছ দলৰ নিৰ্বাচনী কার্যালয় উদ্বোধন

নলবাৰী,২৬এপ্ৰিল : বৰক্ষেত্ৰীৰ ২ নং কেকানকুছিত কংগ্ৰেছ দলৰ নিৰ্বাচনী কার্যালয় উদ্বোধন। বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান চলোৱাৰ পিছতে ২৩/১০ মুকালমুৱা জাগাৰা জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী দিপালী ডেকাই বিভিন্ন প্ৰান্তত চা-চিনাকিৰ উদ্দেশ্যে সভা অনুষ্ঠিত কৰে।

২ নং কেকানকুছিত আজি কংগ্ৰেছ দলৰ এটা বৃহৎ আকাৰৰ নির্বাচনী কার্যালয় মুকলি কৰা হয়। মুকালমুৱা জাগাৰা জিলা পৰিষদৰ কার্যালয় উদ্বোধন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ নতুনকৈ অহা মহিলা প্ৰাৰ্থীগৰাকীয়ে(Nalbari News)।

প্ৰাৰ্থীগৰাকীক সংগ দিয়ে ৫৩ নং জয়সাগৰ কেকানকুছি গাঁও পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আঞ্চলিক সদস্য পদৰ মনোনীত প্ৰাৰ্থী ৰিনামনি বড়ো, নিৰ্দলীয় প্ৰাৰ্থীদ্বয় ক্ৰমে আকলিমা বেগম আৰু ৰুবুল দাসৰ লগতে জয়সাগৰ কেকানকুছি মণ্ডল কংগ্ৰেছৰ সভাপতি হজৰত আলী, জাগাৰা নপ্তিপাৰা মণ্ডল কংগ্ৰেছৰ সভাপতি কৃষক ডেকা, বৰক্ষেত্ৰী সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি কাৰ্তিক তালুকদাৰ, জাগাৰা পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী বিউটি ডেকা, যুৱ সমাজকৰ্মী দিলীপ ডেকা প্ৰমুখ্যে ভালেমান লোকে অংশগ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে সমষ্টিটোৰ নুনকুছিবড়ী, ডিৰোৱা, পাইকান ডিৰোৱা,আহটা বাকৰিকুছি,কেকানকুছি আদি বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান চলোৱাৰ লগতে ২ নং কেকানকুছিত কৰ্মীসকলৰ সুবিধাৰ্থে এটা অস্থায়ী কাৰ্যালয়ো মুকলি কৰে।

লগতে পঢ়ক : WATCH | Dilip Saikia : সোণাৰিত নিৰ্বাচনী সভাত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ