WATCH | Nalbari News : পশ্চিম নলবাৰীৰ বিভিন্ন প্ৰান্তত মাছৰ আচাৰ প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ প্ৰদান

নলবাৰী,২৪মাৰ্চ : পশ্চিম নলবাৰীৰ বিভিন্ন প্ৰান্তত মাছৰ আচাৰ প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ প্ৰদান।
পশ্চিম নলবাৰীৰ জাগাৰাত যোৱাকালি স্প্ৰেড এন ই(Spread Ne) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত স্থানীয় তথা উদ্যমী মহিলা সকলৰ মাজত মাছৰ আচাৰ প্ৰস্তুত কৰাৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় ৷
অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক মহিলাৰ উপস্থিতিত মাছৰ আচাৰ আৰু অন্যান্য মূল্য সংযোজিত সামগ্ৰী প্ৰস্তুত কৰি কেনেদৰে অৰ্থনৈতিক ভাবে লাভান্বিত হব পাৰি সেই বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷
উল্লেখ্য যে প্ৰায় এমাহ জোৰা কাৰ্যসূচীৰে সপ্তাহৰ শনি আৰু ৰবিবাৰে নলবাৰী জিলাৰ বিভিন্ন অঞ্চল ক্ৰমে বৰী,ঠুটকাটা,নিজতাপা, নলি চা,লখোপুৰ আদিৰ লগতে কালি জাগাৰাত থলুৱা মাছৰ আচাৰ আৰু অন্যান্য মূল্য সংযোজিত সামগ্ৰী প্ৰস্তুত সন্দৰ্ভত সৰ্ব মুঠ ৮ টা প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি স্প্ৰেড এন ইৰ সামূহিক সমন্বয়ক প্ৰতুল বৈশ্যই অসমীয়া প্ৰতিদিনক জানিব দিয়ে । এই সমগ্ৰ প্ৰশিক্ষণ কাৰ্যসূচীটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁওৰ সামুহিক বিজ্ঞান বিভাগৰ বিজ্ঞানী ড° আচফিকা ইছলাম( Nalbari News)।
উল্লেখ্য যে বৰ্তমান সময়ত দেখা যায় আমাৰ থলুৱা কৃষক সকলে বজাৰৰ উপলব্ধতা অনুসৰি কম দামতে মাছ বিক্ৰী কৰি দিয়ে আৰু বছৰৰ আন সময়ত তেওঁলোকৰ উপাৰ্জন প্ৰায় শূন্য হৈ পৰে । কিন্তু তাকে নকৰি যদিহে মাছৰ মূল্য সংযোজিত সামগ্ৰী মাছৰ আচাৰ প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰে তেন্তে কেচা মাছতকৈ যথেষ্ট বেছি উপাৰ্জন কৰিব পাৰে ৷ এই কাৰ্যসূচীটোত স্প্ৰেড এন ই স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰকল্প প্ৰবন্ধক ড° চৈয়দ ৱাছিফুৰ ৰহমান সামুহিক সমন্বয়ক প্ৰতুল বৈশ্য উপস্থিত থাকি মাছৰ আচাৰ প্ৰস্তুতকৰণ সন্দৰ্ভত নিজৰ নিজৰ বক্তব্য দাঙি ধৰে আৰু পৰৱৰ্তী সময়তো প্ৰয়োজন সাপেক্ষে এনে সজাগতা মুলক কাৰ্যসূচী স্প্ৰেড এন ইৰ দ্বাৰা হাতত লোৱা হব বুলিও জানিবলৈ দিয়ে ৷