Local, Vocal, Global

WATCH | Dhemaji News : চিলাপথাৰত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ ধেমাজি জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

ধেমাজি,২৪মাৰ্চ : চিলাপথাৰত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ ধেমাজি জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন।

অহা ২৯ আৰু ৩০ মাৰ্চত চিলাপথাৰৰ লালুং তিনিআলি খেলপথাৰত অনুষ্ঠিত হ’ব জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ ধেমাজি জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন।

অধিৱেশনৰ উপলক্ষে আজি মাংগলিক নীতি-নিয়মৰে স্থাপন কৰা হয় লাইখুঁটা। অধিৱেশনৰ লগত সংগতি ৰাখি চিলাপথাৰৰ জেষ্ঠ সাংবাদিক মোহন পাংগিঙলৈ আগবঢ়োৱা হব ‘সমন্বয় বটাঁ’ -২০২৫ ।

বৰ অসমৰ কৰ্তৃত্বৰে অসমখনি আগুৱাই নিয়াৰ লগতে জাতি জনগোষ্ঠীৰ মাজত এক সমন্বয় গঢ়াৰ প্ৰয়াস কৰা হৈছে(Dhemaji News)।

অধিৱেশনখনিত জিলাখনৰ প্ৰায় ২০০ শৰো অধিক প্ৰতিনিধিৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

অনুষ্ঠানটি সৰ্বাঙ্গসুন্দৰ আৰু সাফল্য মণ্ডিত কৰিবলৈ সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।

লগতে পঢ়ক : WATCH | Dhemaji News : সাতটা ভিন্ন জাতীয় ছাত্ৰ সংগঠনৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিবলৈ ওলাই আহিল