Local, Vocal, Global

WATCH | Nalbari News : বৰক্ষেত্ৰীৰ ৰামপুৰত চুৰিকাণ্ড; চোৰে লৈ গ’ল চাৰিবেগ ধান

নলবাৰী,২৪মাৰ্চ : নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰত আজব চুৰিকাণ্ডৰ । জানিব পৰা মতে ৰামপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী ভগৱান বৰ্মনৰ ঘৰত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা।

উল্লেখ্য যে ধান, সৰিয়হ আৰু মাকৈৰ ব্যৱসায় কৰা পৰিয়ালটোৰ গুদামৰ পৰা চোৰে কালি চুৰি কৰিছিল চাৰিবেগ ধান । পৰিয়ালৰ দম্পতিহালে ব্যৱসায় সূত্ৰে ঘৰত নথকাৰ সুযোগ বুজি মুগদি সোণাপুৰৰ শুকুৰ আলীৰ পুত্ৰ বুলবুল আলী (২৪) নামৰ যুৱক এজনে কৌশলেৰে ধানখিনি চুৰি কৰি একেটা পৰিয়ালতে বিক্ৰী কৰিবলৈ আহিছিল। পিছত পৰিয়ালৰ লোকৰ সন্দেহ ঘনীভূত হোৱাত ধানৰ টকা নিদি চিচি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

ইতিমধ্যে চুৰিকাৰ্যৰ লগত জড়িত বুলবুল নামৰ চোৰটোক ব্যৱসায়ীগৰাকীৰ পৰিয়ালে কৌশলেৰে মাতি আনি দৌলাশাল আৰক্ষী চকীত চমজাই দিয়ে । পিছত দৌলাশাল আৰক্ষীয়ে মুকালমুৱা আৰক্ষী থানাত চোৰটোক গটাই দিয়ে(Nalbari News)।

প্ৰতি বছৰে এনেদৰেই পৰিয়ালটোৰ পৰা মুখত কলা কাপোৰ বান্ধি নম্বৰ প্লেট সলাই অতি কৌশলেৰে বিভিন্ন সামগ্ৰী চুৰি কৰি আহিছিল চোৰৰ দলটিয়ে। পূৰ্বতেও ডি .আই গাড়ীৰে পৰিয়ালটোৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ ধান চুৰি কৰা বুলি জানিব দিছে পৰিয়ালটিয়ে।

চোৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ পৰিয়ালটোৰ লগত ব্যৱসায়ৰ লগত জড়িত দুজন তিনিজনকৈ লোকে পহৰাও দি আহিছিল বুলি জানিবলৈ দিছে যদিওঁ চোৰ ধৰিবলৈ সক্ষম হোৱা নাছিল পৰিয়ালটোৱে। ইতিমধ্যে পৰিয়ালটোৱে চি. চি. কেমেৰাত আৱদ্ধ চাৰিটাকৈ চুৰিৰ ভিদিও আৰক্ষীক প্ৰদান কৰিছে বুলিও জনাইছে। পিছে বুলবুলৰ লগত আৰু কোন কোন জৰিত হৈ আছে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

লগতে পঢ়ক : WATCH | Chapar News : চাপৰৰ জালিকুৰাত মীন পালন তথা মৎস্য উৎপাদনৰ ওপৰত বিশেষ সজাগতা সভা