Local, Vocal, Global

Nagarbera News:নগৰবেৰাৰ মেধিপাৰাত কালী পূজা উপলক্ষে অগনন ভক্তৰ ভিৰ

নগৰবেৰা,২৯জানুৱাৰী : নগৰবেৰাৰ মেধিপাৰাত কালী পূজা উপলক্ষে অগনন ভক্তৰ ভিৰ । বুধবাৰে পুৱাৰে পৰা নগৰবেৰাৰ মেধিপাৰা শগুনবাহী অঞ্চলৰ ৰাইজে উলহ-মালহেৰে উদযাপন কৰে ১২৪তম শ্ৰী শ্ৰী কালী পূজা। মেধিপাৰা ও শগুনবাহী কালীমাইৰ থানত পুৱাৰে পৰা পূজাৰ বাবে নৈবদ্য আনি চাকি বন্তি জ্বলাই সেৱা আগবঢ়ায় ভক্তপ্ৰাণ সকলে।

প্ৰতি বছৰে মাঘ মাহৰ অমাবস্যাৰ সময়ত কালীমাইৰ চৰণত পূজা অৰ্চনা কৰে ভক্তপ্ৰাণ লোকে। অইন বছৰৰ দৰে এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ লোক সকলে আহি কালীমাইৰ থানত পূজা অৰ্চনা কৰে। মন্দিৰ প্ৰাংগনত ভক্ত-প্ৰাণ ৰাইজৰ উপস্থিতত দেখা গ’ল উখল-মাখল পৰিৱেশ(Nagarbera News)।

প্ৰবাদ মতে, নিজৰ মনোবাঞ্চা পূৰনাৰ্থে মেধিপাৰা ও শগুনবাহী কালীমাইৰ থানত আহি সেৱা আগবঢ়ালে তেওঁৰ মনোবাঞ্চা পূৰণ হয়। কালীমাইৰ থানত বলি বিধান নিষিদ্ধ যদিও মনোবাঞ্চা পূৰনাৰ্থে দূৰদূৰণিৰ পৰা অহা ভক্তপ্ৰাণ লোকে পাৰচৰাই, ছাগলী আদি উচৰ্গা দিয়ে ।

মুঠতে কালী পূজাক কেন্দ্ৰ কৰি ভক্ত-প্ৰাণ ৰাইজৰ সামাগমে উছব মুখৰ কৰি তোলে মন্দিৰ প্ৰাংগনৰ লগতে সমগ্ৰ অঞ্চলটোক । দুদিনীয়াকৈ আয়োজন কৰা কালী পূজাৰ প্ৰথম দিনা ৰাতিপুৱা গাঁওৰ পূৰ্বপুৰুষ সকলৰ পৱিত্ৰ স্মৃতিত প্ৰজ্বলন কৰা হয়।

লগতে পঢ়ক :BJP leader elopes with wife’s in-law:পত্নীৰ বৌৱেকক পলুৱাই নি ৰাইজৰ ৰোষত বিজেপি নেতা মৃদুল চহৰীয়া