Mahakumbh Stampede: মহাকুম্ভ মেলাত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোকপ্ৰকাশ

নিউজ ডেস্ক,২৯জানুৱাৰী : মহাকুম্ভ মেলাত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোকপ্ৰকাশ । ঘটনাটোক লৈ দুখ প্ৰকাশ কৰাৰ লগতে ভুক্তভোগী পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে(PM Modi On Deaths In Maha Kumbh Stampede)।
Xৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়,”প্ৰিয়জনক হেৰুওৱা ভক্তসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা থাকিল ।” তেওঁ আহতসকলৰ আশু আৰোগ্যও কামনা কৰে ।
প্ৰধানমন্ত্ৰীয়ে কয়, “স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে । এই সন্দৰ্ভত মই মুখ্যমন্ত্ৰী যোগীজীৰ সৈতে কথা পাতিছো আৰু মই ৰাজ্য চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগত আছো ।”
উল্লেখ্য যে,মঙলবাৰে পুৱতি নিশা মহাকুম্ভ মেলাত সংঘটিত হৈছিল পদপিষ্টৰ ঘটনা । পদপিষ্ট হৈ নিহত হয় প্ৰায় ১৭ গৰাকীকৈ লোক। অৱশ্যে উত্তৰ প্ৰদেশ চৰকাৰে ঘটনাটোত মৃতকৰ সংখ্যা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই(Mahakumbh Stampede)।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনা সন্দৰ্ভত কয়,”কেইজনমান ভক্ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ।” অৱশ্যে তেওঁ মৃত্যু বা আঘাতৰ সঠিক তথ্য প্ৰকাশ কৰা নাই । বিষয়াসকলে উল্লেখ কৰা মতে বেৰিকেড ভাঙি যোৱা ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।
লগতে পঢ়ক :Nagarbera News:নগৰবেৰাৰ মেধিপাৰাত কালী পূজা উপলক্ষে অগনন ভক্তৰ ভিৰ