Local, Vocal, Global

Watch | Nagarbera news: বৰপেটাৰ মাজৰচৰ গাঁৱত নিশা চাঞ্চল্য

নগৰবেৰা: বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ গাঁওত নিশা এগৰাকী ব্যক্তিক দুৰ্বৃত্তই হত্যাৰ চেষ্টা চলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। জানিব পৰা মতে, গাঁওখনৰ মজিবৰ ৰহমান নামৰ লোকজনৰ ঘৰত নিশা প্ৰায় ১২ বজাত মুখত কলা কাপোৰ বান্ধি তিনিটা দুৰ্বৃত্তই প্ৰৱেশ কৰি মজিবৰ ৰহমানক বেয়াকৈ মাৰপিট কৰে।

দুৰ্বৃত্তৰ দলটোৱে তেওঁক ডিঙি চেপি হত্যাৰো চেষ্টা চলায়। ঘৰত কোনো নথকাৰ সুযোগ লৈ লোকজনক হত্যাৰ চেষ্টা চলায় দুৰ্বৃত্তৰ দলটোৱে। পিছত তেওঁ চিঞৰ বাখৰ কৰাত দুৰ্বৃত্তৰ দলটো পলায়ণ কৰে ।

ইতিমধ্যে ভূক্তভোগী লোকজনে ঘটনা সন্দৰ্ভত আলোপতি চৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। শীঘ্ৰে দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় লোকে ।

লগতে পঢ়ক: Watch | Nagarbera news: এখন বাঁহৰ দলঙৰ ওপৰতে নিৰ্ভৰ কৰিছে ১০খন গাঁৱৰ লোকৰ যাতায়াত ব্যৱস্থা