Local, Vocal, Global

Watch | Nagarbera news: এখন বাঁহৰ দলঙৰ ওপৰতে নিৰ্ভৰ কৰিছে ১০খন গাঁৱৰ লোকৰ যাতায়াত ব্যৱস্থা

নগৰবেৰা: এখন বাঁহৰ দলঙৰ ওপৰতে নিৰ্ভৰ কৰিছে ১০খন গাঁৱৰ লোকৰ যাতায়ত ব্যৱস্থা । এইখন বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত খোলাবান্ধা জনপ্ৰিয় বজাৰ সংযোগী এখন বাঁহৰ দলং। দৈনিক দলংখনেৰে তিনি শতাধিক ছাত্ৰ-ছাত্ৰী স্কুললৈ যায়।

বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১০ খন গাঁওৰ শ শ লোক দৈনিক অহা যোৱা কৰে এই বাঁহৰ দলংখনেৰেই। একাংশ লোকে ডাকত লোৱা বাঁহৰ দলংখনেৰে পাৰ হলে ভৰিব লাগে ভাড়া । অৱশ্যে ছাত্ৰ-ছাত্ৰীয়ে দিব লগীয়া নহয় ভাড়া। ব্ৰহ্মপুত্ৰৰ সূঁতিটোৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰিবলৈ দীৰ্ঘদিন ধৰি ৰাইজে দাবী কৰি আহিছে যদিও আজিলৈকে ৰাইজৰ দাবী পূৰণ নহল। ১০ খন গাঁওৰ শ শ লোকৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে উক্ত স্থানত এখন পকী দলং নিৰ্মাণ কৰাৰ বাবে লোক নিৰ্মাণ বিভাগৰ লগতে স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনক দাবী জনাইছে ৰাইজে।