Local, Vocal, Global

Watch | Nagarbera news: নগৰবেৰাত মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা যুৱকক

নগৰবেৰা: নগৰবেৰাৰ ভখুৰাদিয়াত নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । বাট আগুচি ধৰি মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা চলায় আমিনুল ইছলাম নামৰ এজন যুৱকক। প্ৰাণ ৰক্ষাৰ বাবে কাষৰে মাদ্ৰাছা স্কুলত প্ৰৱেশ কৰা আমিনুল ইছলামক টানি আনি হত্যাৰ চেষ্টা কৰা ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

মৰিয়াই মৰিয়াই যুৱকজনক ৰাস্তাত পেলাই থৈ যায় দুৰ্বৃত্তৰ দলে । নিশাই সংকটজনক অৱস্থাত আমিনুল ইছলামক নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্ত্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে । এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । শীঘ্ৰে ঘটনাত জড়িত দুৰ্বৃত্তৰ দলক গ্ৰেপ্তাৰৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে।

লগতে পঢ়ক: Watch | Lurin jyoti gogoi: চাপৰত চতুৰ্থ দিনাও অব্যাহত আছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ কাৰ্যসূচী