Local, Vocal, Global

বাঘ ঐ বাঘ ,খালে ঐ খালে , বাঘবৰৰ আলোপতিত বিয়পিল বাঘৰ আতংক

বাঘ ঐ বাঘ ,খালে ঐ খালে । বাঘবৰৰ আলোপতিত বিয়পিল বাঘৰ আতংক ।

নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী বাঘবৰৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ আলোপতি অঞ্চলত হঠাৎ বিয়পিল বনৰজাৰ আতংক ।
দেওবাৰৰ আবেলি বহুতেই পদচিহ্ন পৰ্যন্ত দেখিছে হেনো বাঘৰ ! আনহাতে সন্ধিয়া বহুতেই স্বচক্ষে প্ৰত্যক্ষও কৰিলে হেনো প্ৰকাণ্ড বাঘ ! নিমিষতে অঞ্চলজুৰি বিয়পিল চাঞ্চল্য ।
হাতে-হাতে লাঠি-টাঙোণ ,টৰ্চ লৈ কচুৱনি-বাঁহতল ,নৈৰ পাৰ সকলোতে গয়াই পিটপিটাই ফুৰিছে বনৰজাক বিচাৰি
কোনোৱে ক’লে তিনি-চাৰি ,কোনোৱে আকৌ অনুমানতে বনৰজাৰ আনুমানিক দৈৰ্ঘ্যৰ বিৱৰণ দিলে চাৰি-পাঁচ হাত
মুঠতে বাঘৰ আতংকত শংকিত অঞ্চলবাসী ,একাংশই আকৌ বাঘৰ ভয়ত দুৱাৰত এইদৰে তলা লগাই নিৰাপদ বুলি ভাবি আশ্ৰয় লৈছেগৈ চুবুৰীয়াৰ ঘৰত ।

বিয়াগোম বৰ্ণনাৰ বনৰজাক বিচাৰি গয়াই এমূৰৰ পৰা তহিলং কৰি গৈছে গাঁৱৰ সৰু-বৰ জংঘলাবৃত স্থান সমূহ ?

প্ৰশ্ন হয় ,সচাঁই যদি বাঘ হয় ,গয়াক নিৰাপত্তা দিবলৈ আগবাঢ়ি আহিবনে বন বিভাগ কিম্বা সংশ্লিষ্ট আৰক্ষী ?