Local, Vocal, Global

 চোৰৰ টাৰ্গেট ম’বাইল টাৱাৰৰ বেটেৰী

নগাঁৱৰ কচুৱা অঞ্চলত চোৰৰ তাণ্ডব।কচুৱা আৰক্ষীৰ অভিযানত উদ্ধাৰ  ২৪ টা ম’বাইল টাৱাৰৰ বেটেৰী । কচুৱাৰ সোনাৰুগুৰিৰ মহম্মদ আব্দুল ওৱাজিদৰ ঘৰৰ পৰা উদ্ধাৰ হয়  চুৰি বেটেৰী কেইটা । কচুৱা তিনিআলিৰ নুৰু হুছেইন নামৰ লোক জনে চোৰ কৰি আনি বেটাৰীখিনি ৰখাৰ সন্দেহ আৰক্ষীৰ  । বৰ্তমানেও পলাতক  অৱস্থাত নুৰু হছেইন । আৰক্ষীয়ে নুৰু হুছেইনৰ সন্ধানত অভিযান অব্যাহত ৰখাৰ লগতে  সোধ-পোছ  অব্যাহত  ৰাখিছে মহমদ আব্দুল ওৱাজিদক । উদ্ধাৰ  বেটাৰী কেইটা ডবকাৰ ভাৰতী এয়াৰটেলৰ বুলি জানিব দিয়ে  আৰক্ষীয়ে ।