Local, Vocal, Global

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শকক, হাইদৰ হুছেইন

নিউজ ডেক্স, ২৯ জুন : এইবাৰ নগাঁৱৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইনৰ বিৰুদ্ধে গোচৰ অভিযুক্তক মাৰপিট আৰু ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিলে ৰূপহীহাট আৰক্ষীয়ে।

যেন বিপদে লগ নেৰা হৈছে নগাঁও আৰক্ষীক। মাত্ৰ এমাহ পূৰ্বে নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাক দুৰ্নীতিৰ অভিযোগত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ পুনৰ আন এগৰাকী উপ-পৰিদৰ্শকক নগাঁও আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ।

ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়াৰূপে কৰ্মৰত হাইদৰ হুছেইন নামৰ উপ-পৰিদৰ্শককগৰাকীক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰে ৰূপহীহাট আৰক্ষীয়ে।

মাটি-বাৰীৰ গোচৰত বাবুল আলী নামৰ এগৰাকী ব্যক্তিৰ পৰা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হোৱা হাইদৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে। বাবুল আলীৰ অভিযোগৰ ভিত্তিতে ইয়াৰ পূৰ্বে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল হাইদৰ হুছেইনক।