Local, Vocal, Global

নগাঁও আৰক্ষীৰ ASIৰ বিৰুদ্ধে ৰুজু হ’ল ডকাইতিৰ গোচৰ

নিউজ ডেক্স,৮ জুলাই : ৰূপহীহাট আৰক্ষী থানাৰ কৰ্মৰত আফচৰউদ্দিন আহমেদৰ বিৰু্দ্ধে সুদখোৰৰ হৈ গুণ্ডামি কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে এলিজা ৰহমান নামৰ এগৰাকী মহিলাই।

অপৰাধ নিয়ন্ত্ৰনত ব্যৰ্থতা। উৎকোচ বিচাৰি ৰাইজক হাৰাশাস্তি আদি বিভিন্ন অভিযোগত অভিযুক্ত নগাঁও আৰক্ষীৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে এইবাৰ ৰুজু হৈছে ডকাইতিৰ গোচৰ।

সুদখোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ জনসাধাৰণৰ মাজত প্ৰশংসিত হোৱা নগাঁও আৰক্ষীৰ বিৰুদ্ধে এতিয়া ৰুজু হৈছে সুদখোৰৰ হৈ গুণ্ডামি কৰাৰ গোচৰ। ৰূপহীহাট আৰক্ষী থানাত কৰ্মৰত আফচৰউদ্দিন আহমেদৰ বিৰুদ্ধে সুদখোৰৰ হৈ গুণ্ডামি কৰাৰ অভিযোগত ডকাইতিৰ গোচৰ ৰুজু কৰিছে এলিজা ৰহমান নামৰ এগৰাকী মহিলাই।

জানিব পৰা মতে, এলিজাৰ স্বামী এমদাদুল ইছলাম এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত লোক। এমদাদুলৰ পিতৃয়ে তেওঁৰ চিকিৎসাৰ বাবে আব্দুল জলিল নামৰ এগৰাকী সুদ মাফিয়াৰ পৰা ১ লাখ ২৫ হাজাৰ টকা সুদত লৈছিল। এমদাদুলৰ পিতৃয়ে আব্দুলক ১ লাখ ২৫ হাজাৰ টকা ঘূৰাই দিয়ে যদিও সুদৰ ধন উভতাই দিয়াত ব্যৰ্থ হয়।

উল্লেখযোগ্য যে পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নগাঁৱৰ বহু পৰিয়ালক সৰ্বস্বান্ত কৰা কেইবাটাও সুদখোৰক আটক কৰি ৰাইজৰ প্ৰশংসা বুটলিছিল। পিছে এলিজা ৰহমানৰ অভিযোগ অনুসৰি বৰ্তমানৰ নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীক সুদখোৰৰ নিৰ্যাতনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাত তেওঁ কয় সুদত ধন লোৱা আৰু ধাৰ লোৱা একেই, সেয়ে ধাৰ ল’লে পৰিশোধ কৰিবই লাগিব।