Nagaon News:কচুৱাৰ জুৰিৰপাৰ গাওঁ পঞ্চায়তত ৰাজনৈতিক সংঘাত

নগাঁও,২৫জানুৱাৰী : নগাঁও জিলাৰ ৰহা সমষ্টিত কংগ্ৰেছী আৰু বিজেপিৰ মাজত চলি থকা যুঁজ খনে তীব্ৰ ৰূপ ধাৰণ কৰিছে।ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসৰ একাংশ সমৰ্থকৰ বিৰুদ্ধে পঞ্চালয়তত দুৰ্নীতি কৰাৰ অভিযোগ অনাৰ পিছত এইবাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ জুৰিৰপাৰ গাওঁ পঞ্চায়তৰ একাংশ লোকে নগাঁও জিলাৰ কংগ্ৰেছৰ এজন জেষ্ঠ্য নেতাৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আনিছে(Nagaon News)।
নতুনকৈ বিজেপি দলত যোগদান কৰিব বিচৰা জুৰিৰপাৰ গাওঁ পঞ্চায়তত উন্নয়নৰ কাম খৰতকীয়া হোৱাৰ বাবে একাংশ কংগ্ৰেছীয়ে হীনমান্যতাত ভোগা বুলি প্ৰকাশ কৰে।
ন বিজিপি সকলৰ মতে দেশে স্বাধীনতাৰ পোৱা ৭৬ বছৰৰ পিছতো অঞ্চলটোৰ বৰপানী নৈৰ ওপৰত এখন দলং নোহোৱা বাবে ৰাইজে জীয়াতু ভুগী আহিছিল। কিন্তু বিজেপি চৰকাৰৰ দিনত আঠ কোটি ব্যয় সাপেক্ষে দলঙৰ নিৰ্মানৰ কাম আৰম্ভ হোৱাত ৰাইজে দীৰ্ঘদীনিয়া এটা সমস্যা সমাধান হোৱাৰ পথত অগ্ৰসৰ হৈছে।
এনেধৰণৰ উন্নয়নৰ কাম সংখ্যালঘু অধ্যুষিত পঞ্চায়ত খনত কংগ্ৰেছে গণভিত্তি হেৰুৱাইছে।যাৰ বাবে এই সকল কংগ্ৰেছীয়ে জুৰিৰপাৰ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতিকে ধৰি অন্যান্য সকলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছে।এই অভিযোগ ভিত্তীহীন বুলি মন্তব্য কৰি ইয়াৰ এক উচিত তদন্তৰ দাবী কৰিছে ন বি জে পি সকলে।